ETV Bharat / jagte-raho

আৰক্ষী হেড কনিষ্টবলৰ আত্মহত্যা - গুলিয়াই আত্মহত্যা

উত্তৰ প্ৰদেশ আৰক্ষীত কৰ্মৰত এগৰাকী হেড কনিষ্টবলে গুলীয়াই আত্মহত্যা কৰে । মথুৰা সদৰ আৰক্ষী চকীত কৰ্মৰত হেড কনিষ্টবলগৰাকী ঘনশ্যাম বুলি জানিব পৰা গৈছে । পুলিছ বেৰেকৰ ওচৰত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এইদৰে গুলীয়াই আত্মহত্যা কৰে আৰক্ষী হেড কনিষ্টবলগৰাকীয়ে ।

আৰক্ষী হেড কনিষ্টবলৰ আত্মহত্যা
আৰক্ষী হেড কনিষ্টবলৰ আত্মহত্যা
author img

By

Published : Apr 29, 2020, 11:36 AM IST

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ উত্তৰ প্ৰদেশ আৰক্ষীত কৰ্মৰত এগৰাকী হেড কনিষ্টবলে গুলীয়াই আত্মহত্যা কৰে । মঙলবাৰে সংঘটিত হয় এই ঘটনা ।

এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰা অনুসৰি, মথুৰা সদৰ আৰক্ষী চকীত কৰ্মৰত ঘনশ্যাম নামৰ হেড কনিষ্টবল গৰাকীয়ে গুলীয়াই আত্মহত্যা কৰে । পুলিছ বেৰেকৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এইদৰে আত্মহত্যা কৰে হেড কনিষ্টবলগৰাকীয়ে ।

আত্মহত্যা কৰা হেড কনিষ্টবলগৰাকী
আত্মহত্যা কৰা হেড কনিষ্টবলগৰাকী

আৰক্ষী অধীক্ষক সন্তোষ মিনাই প্ৰকাশ কৰা অনুসৰি, ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে । ইতিমধ্যে ঘনশ্যামৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

আৰক্ষী হেড কনিষ্টবলৰ আত্মহত্যা

হেড কনিষ্টবলগৰাকীৰ পুত্ৰ ৰাহুলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, আৰক্ষীয়ে তেওঁৰ দেউতাক গুৰুতৰভাৱ অসুস্থ হৈ পৰাৰ ফলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিবলৈ দি পৰিয়ালৰ লোকক ততালিকে চিকিৎসালয়লৈ আহিবলৈ কয় । কিন্তু তাৰ কিছুসময় পূৰ্বে দেউতাকৰ সৈতে ফোনত কথা পাতিছিল পুত্ৰ ৰাহুলে । সেই সময়ত দেউতাকৰ কথা-বাৰ্তা ঠিকেই আছিল বুলি জনায় ৰাহুলে । পৰিয়ালৰ লোকৰ মতে এয়া আত্মহত্যা হ'ব নোৱাৰে, এই ঘটনাৰ আঁৰত নিশ্চয় ৰহস্য লুকাই আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে কনিষ্টবল গৰাকীৰ পুত্ৰই ।

লগতে পঢ়কঃ সহকৰ্মীৰ পিষ্টলৰ গুলিত নিহত আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.