ETV Bharat / jagte-raho

হাফলঙত আৰক্ষীৰ জালত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী

author img

By

Published : Aug 29, 2020, 7:43 PM IST

শুক্ৰবাৰ নিশা হাফলং মহাদেৱ টিলাত গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Two Drugs Peddler Arrested By Police At Haphlong
হাফলঙত আৰক্ষীৰ জালত ড্ৰাগছ সহ দুই সৰবৰাহকাৰী

ডিমা হাছাও 29 আগষ্টঃ হাফলঙত ড্ৰাগছ সহ দুই সৰবৰাহকাৰীক আটক কৰে হাফলং আৰক্ষীয়ে । ধৃত সৰবৰাহকাৰী কেইটাৰ নাম হেডষ্টন লংঘৰ আৰু ইমৰান হুছেইন ৷

গোপন সূত্ৰৰ ভিত্তিত শুকুৰবাৰে নিশা হাফলঙৰ মহাদেৱ টিলাত ড্ৰাগছৰ বিৰুদ্ধে হাফলং আৰক্ষীয়ে এক অভিযান চলায় ৷ ইতিমধ্যে আৰক্ষীৰ এই অভিযানত ড্ৰাগছ সহ দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, হাফলং মহাদেৱ টিলাত ভাড়া ঘৰৰ পৰাই দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসাই চলাই আছিল হেডষ্টন লংঘৰ আৰু ইমৰান হুছেইন নামৰ দুজন লোকে । ইতিমধ্যে আৰক্ষীয়ে এই খবৰ লাভ কৰি অভিযান চলাই দুয়োজন সৰবৰাহকাৰীসহ 65 গ্ৰাম হেৰইনৰ লগতে নিচা জাতীয় টেবলেট, চিৰিঞ্জ আৰু ম'বাইল জব্দ কৰে ৷

ইফালে ধৃত হেডষ্টন লংঘৰ সৰবৰাহকাৰী জন শিক্ষকতাৰ লগত জড়িত বুলিও জানিবলৈ পোৱা গৈছে । ইফালে জব্দকৃত হেৰইন খিনিৰ মূল্য প্ৰায় 70 হাজাৰ টকা হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী কেইটাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাইলাকান্দিঃ আৰক্ষীৰ লাঠিচাৰ্জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.