বৰপেটা, ২৪ ডিচেম্বৰ : নিষিদ্ধ ড্ৰাগছৰ ভয়ানক কৱলত পৰিছে বৰপেটা ৷ বৰপেটাৰ ধাবা, জুৱেলাৰী, মনিহাৰী দোকান, পান দোকানকে ধৰি বাটে পথে মুকলিকৈ অবাধে বিক্ৰী হৈ আছে নিষিদ্ধ ড্ৰাগছ ৷ বিগত ২৪ ঘন্টাৰ ভিতৰত বৰপেটাত দুজনকৈ ড্ৰাগছ ব্যৱসায়ী আটক কৰিছে আৰক্ষীয়ে ৷
বুধবাৰে বৰপেটা ৰোডৰ ধাবাত এজন ড্ৰাগছ ব্যৱসায়ী আটকৰ পিচত আজি বৰপেটা চহৰত আটক হয় আন এজন ব্যৱসায়ী ৷ বৰপেটাৰ সোণকুছি কল'নীত আটক হয় ব্যৱসায়ীজন ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীটো সোণকুছি কল'নীৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে ৷ মফিজ উদ্দিনৰ পুত্ৰ ৰফিকুল ইছলামে সোণকুছি কল'নীৰ মুল পথৰ কাষতে মুকলিকৈ বিক্ৰী কৰি আছিল ব্ৰাউন চুগাৰ ৷ যুৱকজনৰ পৰা ২৪টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ জব্দ কৰাৰ লগতে উদ্ধাৰ কৰা হৈছে প্ৰায় আঢ়ৈ হাজাৰ টকা ৷
বৰপেটাৰ উপ-আৰক্ষী অধীক্ষক মদন কলিতা আৰু বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলা আৰক্ষীৰ অভিযানত নিষিদ্ধ ব্ৰাউন চুগাৰসহ আটক কৰা হয় ড্ৰাগছ ব্যৱসায়ীটোক ৷ ইপিনে বৰপেটাত অব্যাহত থকা ড্ৰাগছৰ অবাধ ব্যৱসায় ৰোধৰ ক্ষেত্ৰত সাংবাদিক আৰু ৰাইজৰ সহযোগ বিচাৰিলে বৰপেটা আৰক্ষীয়ে ৷ উল্লেখ্য যে, বুধবাৰে বৰপেটা ৰোড চহৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাত বাহৰ পাতি ব্ৰাউন চুগাৰ বিক্ৰী কৰি থকা অৱস্থাত নগাঁও জিলাৰ ৰূপহীৰ নবিৰ হুছেইন নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিছিল আৰক্ষীয়ে ৷
লগতে পঢ়ক : নগাঁৱত ড্ৰাগছ সেৱনকাৰীক কাণত ধৰাই আঠু কঢ়ালে ৰাইজে