কৰিমগঞ্জ, ২৮ এপ্ৰিলঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে পত্নী নীতি দেৱীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলোৱাৰ উৰা বাতৰিয়ে কিছুদিন ধৰি ত্ৰিপুৰাত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
এই ঘটনাৰ ফলত অস্বস্তিত পৰিছে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱৰ পৰিয়াল । এনে উৰা বাতৰি বিয়পোৱাৰ অভিযোগত এইবাৰ ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী বাওঁপন্থী বিধায়কৰ দেহৰক্ষী ।
ঘটনা সন্দৰ্ভত উত্তৰ ত্ৰিপুৰা জিলাৰ কদমতলা বিধানসভা সমষ্টিৰ বিধায়ক ইছলাম উদ্দিনৰ দেহৰক্ষী জামাল উদ্দিনক আটক কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে । প্ৰথমে ধৰ্মনগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোধপোছৰ বাবে মতা হৈছিল জামাল উদ্দিনক । মাৰাথন জেৰাৰ অন্তত আটক কৰা হয় বিধায়ক ইছলাম উদ্দিনৰ দেহৰক্ষী জামাল উদ্দিনক ।
ইতিমধ্যে জামালৰ বিৰুদ্ধে 167, 469, 501, 34 IPC নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।