ETV Bharat / jagte-raho

চুৰি কাণ্ডঃ লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি

কঠিয়াতলী বামণ গোঁসাই থানত চোৰৰ চাফাই অভিযান ৷ থানখনৰ পূজাৰীক চোৰে চোকা অস্ত্ৰ দেখুৱাই লুটি নিলে নগদ ধন আৰু মন্দিৰৰ বহু মূল্যবান সা-সামগ্ৰী ৷

author img

By

Published : Oct 27, 2020, 2:26 PM IST

Theft Incident At Kathiatali, Barampur
চুৰি কাণ্ডঃ লুটি নিলে লক্ষাধিক টকাৰ সা-সম্পত্তি

বঢ়মপুৰ,27 অক্টোবৰঃ নগাঁও জিলাৰ কঠিয়াতলীত সংঘটিত হয় এটা চুৰি কাণ্ড ৷ বিজয়া দশমীৰ নিশা কঠিয়াতলী বামণ গোঁসাই থানৰ পৰা চোৰে লুটি নিলে থান খনৰ সকলো সা-সামগ্ৰী ৷

ঘটনা অনুসৰি, বিজয়া দশমীৰ নিশা থান খনৰ পূজাৰীক চোৰৰ দল এটাই চোকা অস্ত্ৰ দেখুৱাই মন্দিৰটোত থকা সকলো সোণ ৰূপৰ আ-অলংকাৰ, তাঁলকে আদি কৰি সকলো সা-সামগ্ৰী লুটি নিয়ে ৷ তাৰোপৰি থানখনৰ দান পাত্ৰ ভাঙি ধন পৰ্যন্ত লুটি লৈ যায় চোৰৰ দলটোৱে ৷ অকল সা-সামগ্ৰী লুটি নিয়াই নহয়, সিদিনা নিশা চোৰৰ দলটোৱে মন্দিৰটোৰ পাক ঘৰত সোমাই সুৰা পানো কৰি যায় বুলি স্থানীয় লোক সকলে মন্তব্য কৰে ৷

আনহাতে, উক্ত চুৰি কাণ্ডৰ ঘটনাটোৰ বিৰুদ্ধে কঠিয়াতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে মন্দিৰ সমিতিৰ সদস্য সকলে ৷ ঘটনাস্থলীত কঠিয়াতলী আৰক্ষী উপস্থিত হৈ এই চুৰি কাণ্ডক লৈ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ৷ আনফালে উক্ত থান খনত সংঘটিত হোৱা চুৰি কাণ্ডটোত জড়িত লোকক আটক কৰি অতি শীঘ্ৰে উচিত শাস্তি দিবলৈ আৰক্ষীক দাবী কৰিছে স্থানীয় লোক সকলে ৷

লগতে পঢ়ক- মিঞা সংগ্ৰহালয় প্ৰসংগত মুখ খুলিছে দেৱব্ৰত শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.