শিৱসাগৰ, 9 মে': শিৱসাগৰৰ যুৱকৰ দুলীয়াজানত সন্দেহজনক আত্মহত্যা ৷ শিৱসাগৰৰ মঠাদাঙৰ ত্ৰিনয়ণ গগৈ নামৰ যুৱকজনে দুলীয়াজানত কৰ্মৰত অৱস্থাতে আত্মহত্যা কৰা ঘটনাক হত্যাকাণ্ড বুলি দাবী ত্ৰিনয়নৰ পৰিয়ালৰ ৷ এগৰাকী চাৰি বছৰীয়া কন্যা সন্তানৰ পিতৃ ত্ৰিনয়নক কৰ্মৰত প্ৰতিষ্ঠানৰ গৰাকী দিপু দত্তই হত্যা কৰাৰ অভিযোগ ত্ৰিনয়নৰ মাতৃ আৰু ভগ্নীৰ ৷
দীৰ্ঘদিনে মালিক দিপু দত্তই ত্ৰিনয়নক মানসিক শাৰিৰীক অত্যাচাৰ চলাই অহাৰ লগতে প্ৰাপ্য বেতনো প্ৰদান কৰা নাছিল বুলি অভিযোগ উত্থাপন ত্ৰিনয়নৰ মাতৃ-ভগ্নীৰ ৷ ত্ৰিনয়নৰ শৰীৰৰ মূৰৰ লগতে পেটতো আঘাতৰ চিন স্পষ্ট থকা বুলি প্ৰকাশ কৰি ত্ৰিনয়ন গগৈৰ ভগ্নীয়ে দিপু দত্তই হত্যা কৰি ওলমাই থোৱা বুলি দাবী কৰে ৷ দিপু দত্তৰ বিৰুদ্ধে হত্যা কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল ত্ৰিনয়নৰ মাতৃৰ ৷