ETV Bharat / jagte-raho

উচ্চতম ন্য়ায়ালয়ৰ নিৰ্দেশ অমান্য কৰি ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বজাৰ

ভাৰত-বাংলা সীমান্তৱৰ্তী অসমৰ নিলামবাজাৰত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ আৰক্ষীৰ সন্মুখতে গৰু ব্যৱসায়ীয়ে চলাই নিছে এইখন বজাৰ ৷ কৰিমগঞ্জৰ পৰা আমিৰুল আলম ছিদ্দিকীৰ বিশেষ প্ৰতিবেদন ৷

ৰাজ্যত অব্যাহত গৰুৰ চোৰাং বজাৰ
author img

By

Published : Jul 24, 2019, 4:42 PM IST

কৰিমগঞ্জ,24 জুলাইঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং বজাৰ ৷ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলা সীমান্তৰ সমীপৰ নিলামবাজাৰ আৰক্ষী চকীৰ অন্তৰ্গত গান্ধাই এলেকাত আছে এইখন গৰুৰ বজাৰ ৷ ভাৰত-বাংলা সীমান্তৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দুৰত্বত অৱস্থিত এইখন বজাৰৰ পৰা অবৈধভাৱে সংগ্ৰহ কৰা হয় অতিৰিক্ত কৰ ৷ উল্লেখ্য যে,দেশৰ সৰ্বোচ্চ ন্য়ায়ালয়ে ভাৰতৰ সীমাৰ 20 কিলোমিটাৰ পৰিসৰৰ ভিতৰত গৰুৰ বজাৰ থাকিব নোৱাৰিব বুলি উল্লেখ কৰিছিল যদিও সৰ্বোচ্চ ন্যায়ালয়ৰ আদেশ অমান্য় কৰি চলি আছে অবৈধ গৰুৰ বজাৰ ৷ গান্ধাই পঞ্চায়তৰ ৰচিদ ব্যৱহাৰ কৰি চলি থকা এই বজাৰখনৰ পৰা এটা গৰুৰ বিপৰীতে হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ লগতে প্ৰতিখন ৰচিদ 50 টকা মূল্য়ত বিক্ৰী হৈ আছে ৷ গান্ধাই পঞ্চায়তে নিয়ম বৰ্হিভূতভাৱে প্ৰদান কৰা এই ৰচিদৰ সহায়ত নিশাৰ ভিতৰতে গৰু গৈ পায়গৈ বাংলাদেশ ৷ যাৰ ফলত দেশে প্ৰতিনিয়ত হেৰুৱাই আহিছে লাখ লাখ টকাৰ বৈদেশিক বাণিজ্য কৰ ৷ কিদৰে সীমান্তত অবৈধভাৱে চলি আহিছে গৰুৰ বজাৰ তাৰ সকলো দৃশ্য বন্দী হৈছে একমাত্ৰ ETV BHARAT অসমৰ কেমেৰাত ৷ চাওক আমাৰ এই প্ৰতিবেদন...

Intro:Body:দেশৰ সৰ্বচ্চো আদালতৰ নিৰ্দেশ অগ্ৰাহ্য কৰি সীমান্তৰ কত বহে গৰুৰ বজাৰ । অবৈধ গৰুৰ বজাৰৰ পৰা কিমান টকা লাভ কৰে সংশ্লিষ্ঠ পঞ্চায়েতে । ETV bharat ৰ গ্ৰাউন্ড জিৰো ৰিপোৰ্ট ।
অবৈধ গৰুৰ বজাৰৰ ৰিপোৰ্ট সংগ্ৰহ কৰাৰ অৰ্থ জীবনৰ প্ৰতি ভাবুকি । ফলতে গোপন কেমেৰালৈ ETV bharatৰ অভিযান আৰম্ভ । গন্তব্য স্থল নিলামবাজার আরক্ষীর অধিনত গান্ধাই বজাৰ । ভাৰত বাংলাদেশ সীমান্তৰ তিনি কিলোমিটাৰ ভিতৰত অবস্থান গৰুৰ বজাৰৰ । দেশৰ সৰ্বচ্চো আদালতে সীমান্তৰ ২০ কিলোমিটাৰৰ ভিতৰত গৰুৰ বজাৰ থাকিব নোৱাৰিব বুলি জাননি জাৰি কৰিছিল । অথচ কৰিমগঞ্জৰ গান্ধাই এলাকাত আছে গৰুৰ অবৈধ বজাৰ । । চাওক কেনেদৰে চলিছে বজাৰটো । গান্ধাই পঞ্চায়েতৰ ৰশিদৰ বিনিময়ত চলিআছে বজাৰটো । এটা এটা গৰুৰ ৰশিদৰ বাবে সংগ্ৰহ হয় ৫০ টকা । টকা সংগ্ৰহৰ দৃশ্য বন্দী হয় আমাৰ গোপন কেমেৰাত । এনে অবৈধ ৰশিদ বৈধতা লাভ কৰাৰ পিছত বজাৰৰ গৰু এঠাইৰ পৰা আনঠাইত গলে ও কোন অসুবিধা নাই । কাৰন গৰুৰ লগতে আছে পঞ্চায়েতৰ ৰশিদ ,,,,,,,,,,,,,,,,,,,,। এনে ৰশিদৰ বিনিময়ত দিনত এঠাই পৰা আনঠাইত গৰু লৈ যোৱা হয় । আৰু এনে গৰু ৰাতি যায় গৈ বাংলাদেশত ।
আনফালে গৰু বিক্ৰি কৰা ৰশিদৰ হেজাৰ হেজাৰ টকা পঞ্চায়েতৰ কোন একাউন্টত জমা হয় এয়া জানিবলৈ পঞ্চায়েতৰ সভাপতিক আমাৰ সাংবাদিকে ফোনতে শুধিলে সভাপতি গৰাকীয়ে
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
24-07-2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.