গোসাঁইগাঁও,৭ আগষ্টঃ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুস্থিত এইচ পি পেট্ৰ'ল পাম্পৰ সমীপৰ পৰা NL-01L-6741 নম্বৰৰ এখন দহ চকীয়া ট্ৰাক পৰিত্যক্ত অৱস্থাত গোসাঁইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে। পাছত শিমুলটাপু আৰু গোসাঁইগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত পোহৰলৈ আহে এক ৰহস্যজনক অপহৰণ কাণ্ডৰ ঘটনা ৷
প্ৰাপ্ত তথ্য মতে বিহাৰৰ ঝুমুই জিলাৰ খেৰাই গাঁৱৰ বাসিন্দা তথা ট্ৰাকখনৰ চালক ধমেন্দ্ৰ মণ্ডল নামৰ চালকজন যোৱা পাঁচ আগষ্ট তাৰিখে শিমুলটাপু এইচ পি পেট্ৰ'ল পাম্পৰ সমীপৰ পৰা সন্ধানহীন হয়। ইয়াৰ পাছৰে পৰাই ট্ৰাকৰ মালিকৰ ওচৰত ধন দাবী কৰি ফোন আহে। ইয়াৰ পিচতে ট্ৰাকৰ মালিকে বিষয়টো সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে নিশা দামৰাপাৰা নিবাসী প্ৰয়াত নয়ন বৰ্মনৰ ঘৰত এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই অপহৃত হোৱা চালকজন বিশু বৰ্মনৰ লগত শুই থকা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে বিশু বৰ্মনক আটক কৰে। ট্ৰাকৰ মালিকৰ পৰা ধন লোৱাৰ বাবে এয়া অপহৰণৰ নাটক বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।