টিংখাং, 25 নৱেম্বৰঃ দেওবাৰে নিশা ডিব্ৰুগড়ৰ জিলাৰ টিংখাংস্থিত কাকৱনী ব্লক গাঁৱত সংঘটিত হয় এটা নৃশংস হত্যাকাণ্ড ৷ একেটা পৰিয়ালৰে এজন সদস্যই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে মাক আৰু ভায়েকক ৷
প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে নিশা উক্ত পৰিয়ালটোৰ বাসগৃহত পাৰিবাৰিক কন্দলৰ সৃষ্টি হৈছিল ৷ যাৰ পৰিণতিত বাবলু মাঝি নামৰ লোক জনে তেওঁৰ মাতৃ আশামণি মাঝি আৰু ভাতৃ বিজয় মাঝিক চোকা অস্ত্ৰৰে আক্ৰমণ চলায় ৷ চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ বাবে ঘটনাস্থলীতে মৃত্যু হয় মাতৃ-পুত্ৰৰ ৷
ইপিনে এই ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত বাবলু মাঝিয়ে তেওঁৰ পত্নীৰ সৈতে পলায়ন কৰে ৷ সম্প্ৰতি ঘটনাস্থলীত ৰাজগড় আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : ডিগবৈত শোকাবহ পথ দুৰ্ঘটনা : নিহত চাৰি