ETV Bharat / jagte-raho

নিৰ্দোষীৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণে কাৰ কি লাভ কৰিছেঃ বিস্ফোৰণত আহত

author img

By

Published : May 16, 2019, 3:56 PM IST

জু-ৰ'ডৰ গ্ৰেণেড বিস্ফোৰণত আহত পৰিয়ালৰ প্ৰতিক্ৰিয়া ৷ গ্ৰেণেড বিস্ফোৰণত জড়িতক কঠোৰ শাস্তি প্ৰদানৰ দাবী ভুক্তভুগীৰ

জু-ৰ'ডৰ গ্ৰেণেড বিস্ফোৰণত আহত পৰিয়ালৰ প্ৰতিক্ৰিয়া

গোলাঘাট, 16 মে': গুৱাহাটীৰ জু ৰ'ডত বুধবাৰে সংঘটিত গ্ৰেণেড বিস্ফোৰণত গুৰুতৰভাৱে আহত গোলাঘাটৰ এজন যুৱক । সন্ত্ৰাসবাদীৰ এনে কাৰ্যত ক্ষোভ উজাৰিলে আহত ফাৰদ্দিন হাছানিয়ান ৰহমানৰ পৰিয়ালে । নিৰ্দোষীৰ ওপৰত চলোৱা এই বৰ্বৰ আক্ৰমণে কাৰ কি লাভ কৰিছে বুলি প্ৰশ্ন ভুক্তভুগীৰ ৷ গোলাঘাট কুমাৰপট্ৰিৰ বাসিন্দা চুলতান জাহিদুৰ ৰহমানৰ পুত্ৰ ফাৰদ্দিন বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।

জু-ৰ'ডৰ গ্ৰেণেড বিস্ফোৰণত আহত পৰিয়ালৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে, চুলতান জাহিদুৰৰ কনিষ্ঠ পুত্ৰ এলভিৰ ৰহমানক বেডমিণ্টন প্ৰতিযোগিতাত অংশ ল'বলৈ গুৱাহাটীলৈ লৈ গৈছিল পিতৃয়ে । বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল এলভিৰ ৰহমান । ফলাফলত সন্তুষ্ট হৈয়ে পিতৃ চুলতান জাহিদুৰ আৰু পুত্ৰ ফাৰদ্দিন বিয়লি গৈছিল বজাৰ কৰিবলৈ। তেতিয়াই সংঘটিত হয় এই ভয়াৱহ ঘটনাটো । ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ফাৰদ্দিন হাছানিয়ান ৰহমান ।

Golaghat.16.05.2019
slug : as_glt_grand injured family reacts_vis_byte_7205572
O.C. জু ৰোডৰ গ্ৰেণেড বিস্ফোৰণত আহত পৰিয়ালৰ প্ৰতিক্ৰিয়া। সন্ত্ৰাসবাদীৰ এনে কাৰ্যত ক্ষোভ উজাৰিলে আহত ফাৰদ্দিন হাছানিয়ান ৰহমানৰ পৰিয়ালে। গোলাঘাটৰ বাসগৃহত পৰিয়ালটোৰ এই ক্ষোভ। নিৰ্দোষীৰ ওপৰত চলোৱা এই বৰ্বৰ আক্ৰমণে কাৰ কি লাভ কৰিছে বুলি প্ৰশ্ন। গ্ৰেণেড বিস্ফোৰণত জৰিতক কঠোৰ শাস্তি প্ৰদানৰ দাবী পৰিয়ালটোৰ। 
V.O. গুৱাহাটীৰ জুৰোডত বুধবাৰে সংঘটিত গ্ৰেণেড বিস্ফোৰণত গুৰুতৰভাৱে আহত গোলাঘাটৰ এজন যুৱক। গোলাঘাট কুমাৰপট্ৰিৰ বাসিন্দা চুলতান জাহিদুৰ ৰহমানৰ পুত্র ফাৰদ্দিন বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। চুলতান জাহিদুৰৰ কনিষ্ঠ পুত্ৰ এলভিৰ ৰহমানৰ বেডমিণ্টন প্ৰতিযোগিতাত অংশ লবলৈ বুলি গুৱাহাটীলৈ নিছিল। বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল এলভিৰ ৰহমান। ফলাফলত সন্তোষিত হৈ পিতৃ চুলতান জাহিদুৰ আৰু পুত্ৰ ফাৰদ্দিন বিয়লি গৈছিল বজাৰ কৰিবলৈ। তেতিয়াই সংঘটিত হয় এই ভয়াবহ ঘটনাটো। এই ঘটনাত গূৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ফাৰদ্দিন হাছানিয়ান ৰহমান। বৃহস্পতিবাৰে পুৱা মাতৃসহ পৰিয়ালৰ অন্যান্য সকল গৈছে গুৱাহাটীলৈ।
Byte_1_আত্মীয়।
Byte_2_আত্মীয়।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by mojo.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.