তামুলপুৰ,27 জুলাই : গোৰেশ্বৰৰ 2নং ৰৌমাৰীৰ মছজিদত নিশা লুটপাত কৰিলে দুৰ্বৃত্তই । তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ 2নং ৰৌমাৰীৰ মছজিদত যোৱা নিশা কোনো দুৰ্বৃত্তই লুটপাত চলাই লৈ যায় দান পাত্ৰ। মছজিদত থকা কোৰাণ-ছৰিফকে ধৰি বহু মূল্যৱান সামগ্ৰীৰ ক্ষতি সাধন কৰি মছজিদৰ মজিয়াত বিস্তাও ত্যাগ কৰে দুৰ্বৃত্তই ।
গাৱঁৰ ৰাইজৰ বক্তব্যত অনুসৰি বিগত তিনি বছৰ ধৰি ঈদৰ আগমুহুৰ্তত এনেদৰে মছজিদটোত কোনো দুৰ্বৃত্তই এনেদৰে লুটপাত চলাই আহিছে । মছজিদৰ দানপাত্ৰটো প্ৰতি বছৰ ঈদৰ কুৰ্বাণীৰ পিছত খোলা হয়,বছৰটো ৰাইজে নামাজ পঢ়িবলৈ আহি দানপাত্ৰটোত কিছু দান দি থৈ যায় । এনেদৰে দান দিয়াৰ পৰিপ্ৰেক্ষিতত বহু ধন জমা হয় যদিও আজি তিনিবছৰে এই ধন দুৰ্বৃত্তই লুটি নি আছে ।
দুৰ্বৃত্তই মছজিদটো লুটি নিয়াৰ খবৰ পোৱাৰ পিছতে বাক্সা জিলাৰ আৰক্ষী অধীক্ষকগৰাকী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু দুৰ্বৃত্তক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি জনায়। আনহাতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বাক্সা জিলাৰ সভাপতি জালাল উদ্দিন আহমেদেও ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ত্ব কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ।
লগতে পঢ়কঃ ৰাফেলেৰে তুলনা নহয় পাকিস্তানৰ F-16ৰ : গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং