কৰিমগঞ্জ, 29 জানুৱাৰী : দক্ষিণ কৰিমগঞ্জ সমষ্টিত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । ক্ষোভিত ৰাইজে বন্ধ কৰি দিলে নিম্নমানৰ পথ নিৰ্মাণৰ কাম । উল্লেখ্য যে,দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ অন্তৰ্গত উত্তৰ বান্দৰকোনা গাঁৱত চৰকাৰে মোকলাই দিয়া বৃহৎ পুঁজিৰে পথ নিৰ্মাণৰ কাম চলি আছিল ৷ কিন্তু বিভাগীয় ঠিকাদাৰে নিম্নমানৰ কাম চলাই যোৱাৰ অভিযোগ তুলিছে ৰাইজে ৷
অভিযোগ অনুসৰি,নজৰুল ইছলাম নামৰ ঠিকাদাৰজনে পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত কৰিছে ৷ অবশেষত স্থানীয় ৰাইজে উপায়বিহীন হৈ বিজেপি নেত্ৰী শিপ্ৰা গুনৰ ওচৰত অভিযোগ প্ৰদান কৰে ৷ ইফালে,স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিতে শুকুৰবাৰে নেত্ৰী গৰাকীয়ে নিৰ্মীয়মাণ অৱস্থাত থকা পথ পৰিদৰ্শন কৰে ৷
লগতে পঢ়ক : কংগ্ৰেছৰ মহাজোঁটে বিহালীত একো প্ৰভাৱ নেপেলায়: মন্ত্ৰী ৰঞ্জিত দত্ত