গোলাঘাট, 29 অক্টোবৰঃ মঙলবাৰে গোলাঘাট নগৰৰ ৰাজপথত উদ্ধাৰ হ'ল এটা পিষ্টল। গোলাঘাট তপন নগৰৰ ৰাজপথত এজন কিশোৰে .22 পিষ্টল আৰু এটা খালী কাৰ্টিজ উদ্ধাৰ কৰি চমজাই দিয়ে স্থানীয় আৰক্ষীক। তপন নগৰৰ আদিত্য শইকীয়া নামৰ কিশোৰটিয়ে উদ্ধাৰ কৰে এই পিষ্টলটো। উল্লেখ্য যে সোমবাৰে নিশা দেৱালীৰ আনন্দৰ মাজতে গোলাঘাট এৰেঙাপাৰাৰ এগৰাকী যুৱতীক ঘৰৰ ভিতৰত গুলিয়াই আহত কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই ৰাজপথত পিষ্টল উদ্ধাৰৰ ঘটনাই গোলাঘাটত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে চাওকঃ গোলাঘাটত নিশা গুলীচালনাৰ ঘটনাঃ গুলীবিদ্ধ এগৰাকী যুৱতী