ETV Bharat / jagte-raho

যোগানমন্ত্ৰীৰ গৃহসমষ্টিত ৰাইজে জব্দ কৰিলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল - PDS Rice loaded Truck

ৰাজ্যৰ যোগানমন্ত্ৰী ফনীভূষণ চৌধুৰীৰ গৃহসমষ্টিত ৰাইজে জব্দ কৰিলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল অবৈধভাৱে বিক্ৰী কৰিবলৈ লৈ গৈ থকা অৱস্থাতে ৰাইজে ট্ৰাকসহ কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে ৷ ৰাইজে জব্দ কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ AS-26C-5945 বুলি জানিব পৰা গৈছে ৷

ৰাইজে জব্দ কৰিলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল

author img

By

Published : Jun 6, 2020, 5:18 PM IST

চিৰাং, 6 জুন : ৰাজ্যৰ যোগান বিভাগত চলিছে চৰম অৰাজকতা ৷ শেহতীয়াকৈ উদ্ধাৰ হৈছে বিক্ৰীৰ বাবে লৈ যোৱা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বহুটো সামগ্ৰী ৷ খোদ যোগান মন্ত্ৰীৰ গৃহসমষ্টিত ৰাইজে জব্দ কৰিছে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ৷ যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীৰ গৃহসমষ্টিৰ অন্তৰ্গত টাকোৱামাৰীত বিগত নিশা ৰাইজে জব্দ কৰে এখন চাউলভৰ্তি ট্ৰাক ৷ ৰাইজে ট্ৰাকখন জব্দ কৰি বিদ্যাপুৰ আৰক্ষীক চমজাই দিয়ে ৷

ৰাইজে জব্দ কৰিলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউল

ৰাইজৰ উপস্থিতি দেখি বাহনখনৰ চালকে পলায়ন কৰাৰ চেষ্টা চলাওতে বাহনখন দুৰ্ঘটনা পতিত হয় । অৱশ্যে আন্ধাৰৰ সুযোগ লৈ বাহনখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,দুখীয়া ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা চাউল দুৰ্নীতিগ্ৰস্ত ডিলাৰ দানেছ আলীয়ে চোৰাংভাৱে চাউলৰ বস্তা অইন ঠাইলৈ বিক্ৰী কৰাৰ উদ্দেশ্যৰে লৈ যোৱাৰ সময়তে ৰাইজে বাধা প্ৰদান কৰি চাউল ভৰ্তি বাহনখন জব্দ কৰে । বাহনখনত কিমান সংখ্যক চাউলৰ বস্তা আছে এতিয়াও পোহৰলৈ অহা নাই । উল্লেখ্য যে,ডিলাৰ দানেছ আলীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি হিতাধিকাৰীক আৱন্টিত চাউল বা অন্যান্য সামগ্ৰী কমকৈ দিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও এতিয়ালৈ যোগান বিভাগ আৰু আৰক্ষীয়ে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই ৷

স্থানীয় ৰাইজে দুৰ্নীতিগ্ৰস্ত ডিলাৰ দানেছ আলীৰ বিৰুদ্ধে উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে। ইপিনে পৰিস্থিতিৰ উমান পাই ডিলাৰ দানেছ আলী ঘৰৰ পৰা পলায়ন কৰিছে বুলি জানিব পৰা গৈছে । ঘটনাৰ ভিত্তিত বিদ্যাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ প্ৰমাণিত হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ কেলেংকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.