তেজপুৰ,৭ জুলাইঃ তেজপুৰত চি চি কেমেৰাত আবদ্ধ হোৱা দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় অলংকাৰ চুৰি কৰা মহিলাক ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৃত মহিলাগৰাকীয়ে লুটিছিল লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ ৷
উল্লেখ্য যে, তেজপুৰ বৰ মছজিদৰ সমীপত এজন ব্যক্তিৰ ঘৰলৈ বন কৰা মহিলাৰ সৈতে এগৰাকী মহিলা আহিছিল ৷ আনহাতে উক্ত পৰিয়ালটোত সদায় বন কৰা মহিলাগৰাকীয়ে ঘৰৰ চাবিপাত এক নিৰ্দিষ্ট ঠাইত থৈ যায় ৷ আৰু সেই দৃশ্য মহিলা গৰাকীয়ে লক্ষ্য কৰি পৰৱৰ্তী সময়ত গৃহস্থ নথকাৰ সুযোগ লৈ আলমিৰাৰ পৰা বহু সোণৰ আ- অলংকাৰ লুটি লৈ যায় ৷ আনহাতে, সমগ্ৰ দৃশ্য চিচি কেমেৰাত আবদ্ধ হৈছিল ৷ ইতিমধ্যে গৃহস্থই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ৷
সোমবাৰে তেজপুৰ সদৰ আৰক্ষী বিষয়া আৰু উপ আৰক্ষী অধীক্ষক ডঃ ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত মহিলাগৰাকীৰ নাম জেচমিন চুলতানা ৷ উল্লেখ্য যে মহিলাগৰাকীয়ে চুৰি কৰি নিয়া অলংকাৰ কিছু অংশ সোণাৰীক পুনৰ বনাবলৈ দিছিল ৷ ইফালে যিজন সোণাৰিক বনাবলৈ দিছিল সেই সোণাৰী জনকো ইতিমধ্যে আটক কৰে আৰক্ষীয়ে ।
লগতে পঢ়ক- বাল্য বিবাহৰ ঘটনাত নাম সাঙোৰ খাইছে আৰক্ষীৰ