বঙাইগাঁও, 23 আগষ্টঃ বঙাইগাঁওৰ যোগীঘোপাৰ মোহনপুৰত দুষ্প্ৰাপ্য শিহু উদ্ধাৰ । ব্ৰহ্মপুত্ৰত এটা মৰা শিহু উটি অহা দেখিছিল নুৰজামাল ভূঞা নামৰ লোকজনৰ পুত্ৰ আৰু তেওঁৰ ভতিজাকে ৷ তাৰ পাচতে শিহুটো ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে যুৱক দুজনে ৷ পিচত নুৰজামাল ভূঞা নামৰ লোকজনে শিহুটো মাংস কাটি বিক্ৰীৰ বাবে চেষ্টা চলাওঁতেই খবৰ লাভ কৰে বন বিভাগে ।
ইতিমধ্যে ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ কাটি থোৱা অৱস্থাত উদ্ধাৰ কৰে শিহুটো ৷ শিহুটো উদ্ধাৰৰ বিষয়ে বন বিভাগক অৱগত নকৰাৰ অপৰাধত নুৰজামাল ভূঞা নামৰ লোক জনক ১৯৭২ চনৰ ভাৰতীয় বন্য প্ৰাণী সুৰক্ষা আইনৰ অধীনত ৫০/৯/৩৯/৪৮(A)/৪৯(B) R/W ৫১ত ধাৰাত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বন বিভাগে ।
লগতে পঢ়ক- গোলাঘাট নুমলীগড়ত আলফাৰ এজন লিংকমেন গ্ৰেপ্তাৰ