ETV Bharat / jagte-raho

নগাঁৱত গৰ্ভৱতী বোৱাৰী মহিলাক হত্যাৰ প্ৰতিবাদত ওলাই আহিল স্থানীয় ৰাইজ - নগাঁও

স্বামীৰ পৰিয়ালবৰ্গৰ বিৰুদ্ধে সন্দেহৰ আঙুলি বোৱাৰীগৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ

নগাঁৱৰ কামপুৰত এগৰাকী গৰ্ভৱতী বোৱাৰীক হত্যাৰ প্ৰতিবাদ
author img

By

Published : Mar 26, 2019, 2:42 PM IST

Updated : Mar 26, 2019, 4:06 PM IST

নগাঁও,২৬ মাৰ্চঃ ৰাজ্যত পুনৰ সংঘটিত হ'ল বোৱাৰী হত্যাৰ ঘটনা | নগাঁও জিলাৰ কামপুৰ থানা অন্তৰ্গত শালমৰাত চেবীনা খাতুন নামৰ এগৰাকী বোৱাৰীক হত্যাৰ প্ৰতিবাদত ওলাই আহিল মহিলাগৰাকীৰ পৰিয়াল বৰ্গৰ লগতে স্থানীয় ৰাইজ । অভিযোগ অনুসৰি দেওবাৰে মহিলাগৰাকীক হত্যা কৰি তেওঁৰ স্বামীয়ে ওলোমাই থৈছিল ঘৰৰ চিলিঙত । জানিব পৰা মতে,গৰ্ভৱতী চেবীনাক বিভিন্ন সময়ত মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিল চেবীনাৰ স্বামী আনচুৰ লগতে স্বামীৰ পৰিয়ালৰ বাকী সদস্যসকলে ।

নগাঁৱৰ কামপুৰত এগৰাকী গৰ্ভৱতী বোৱাৰীক হত্যাৰ প্ৰতিবাদ
দেওবাৰেও সংঘটিত হয় অনুৰূপ ঘটনা । মৃতদেহ উদ্ধাৰ হোৱাৰ প্ৰায় এঘন্টাৰ পূৰ্বে চেবীনাই মাতৃক ফোনৰে স্বামীয়ে মাৰধৰ কৰি থকাৰ কথা অৱগত কৰিছিল বুলি চেবীনাৰ পিতৃ-মাতৃয়ে গুৰুতৰ অভিযোগ তোলে ।ইফালে ঘটনা সংঘটিত হোৱাৰ উমান পোৱাৰ লগে লগেই কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল যদিও পলায়ন কৰে স্বামীসহিতে পৰিয়ালবৰ্গই । ঘটনাৰ দুদিনৰ পাচতো আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত প্ৰতিবাদমুখী হৈ উঠে ক্ষোভিত ৰাইজ । লগতে আৰক্ষীয়ে অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰা দাবী উত্থাপন কৰে ।

Intro:Anchor = ৰাজ্যত পুনৰ বোৱাৰী হত্যাৰ ঘটনা| এইবাৰ ঘটনা স্থান নগাঁও জিলা কামপুৰ থানা অন্তৰ্গত শালমৰাত |বোৱাৰী গৰাকীৰ নাম চেবীনা খাতুন |চেবীনা পিতৃ ,মাতৃ অভিযোগ দেওবাৰে হত্যাকৰি ওলমাই থৈছিল ঘৰৰ চিলিঙিত | অভিযুক্ত চেবীনা স্বামী আনিচুৰ লগতে পৰিয়ালৰ আন সদস্যক গ্ৰেপ্তাৰ দাবীত তীব্ৰ প্ৰতিবাদ |Body:Vo = জানিব পৰা মতে গৰ্ভাৱতী চেবীনাক বিভিন্ন সময়ত মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিল চেবীনা স্বামী আনচুৰ লগতে পৰিয়ালৰ বাকী সদস্য সকলে |দেওবাৰে অনুৰূপ ঘটনা সংঘটিত হয় | চেবীনা পিতৃ অভিযোগ মৃতদেহ উদ্ধাৰ হোৱা প্ৰায় এঘন্টা আগত চেবীনাই মাতৃক ফোনৰে জানিব দিছিল যে স্বামীয়ে মাৰধৰ কৰি থকা কথা | লগে লগে ঘটনাস্থলিত কামপুৰ আৰক্ষী উপস্থিত হৈছিল যদিও পলায়ন কৰে অভিযুক্ত সকলে | দুদিন পাৰ হোৱা পাছতো কামপুৰ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ৰাইজ ক্ষোভিত হৈ প্ৰতিবাদমুখি হৈ পৰে |
Byte = পিতৃ ,মাতৃ ,স্থানীয়লোক
Conclusion:Vo = উল্লেখ্য যে আৰক্ষীয়ে অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰৰণকৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদান কৰা দাবী জনাই
## বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam ##
Last Updated : Mar 26, 2019, 4:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.