ETV Bharat / jagte-raho

পত্নীৰ বাবেই মহিলাৰ ৰোষত আৰক্ষী কনিষ্টবল

author img

By

Published : Jun 16, 2020, 4:51 AM IST

পত্নীৰ অৰ্থলিপ্সুতাৰ বাবেই শতাধিক মহিলাৰ ৰোষত পৰিল নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবল ৷ নগাঁও আৰক্ষী চাউনী চৌহদত সংঘটিত হয় এই ঘটনা ৷

পত্নীৰ বাবেই মহিলাৰ ৰোষত আৰক্ষী কনিষ্টবল
পত্নীৰ বাবেই মহিলাৰ ৰোষত আৰক্ষী কনিষ্টবল

নগাঁও, 15 জুন : পত্নীৰ অৰ্থলিপ্সুতাৰ বাবেই শতাধিক মহিলাৰ ৰোষত পৰিল নগাঁৱৰ এগৰাকী আৰক্ষী কনিষ্টবল । শতাধিক আৰক্ষীৰ পত্নীয়ে ঘেৰাও কৰি অপদস্থ কৰিলে আৰক্ষী কনিষ্টবলজনক । নগাওঁ আৰক্ষী চাউনি চৌহদতে আৰক্ষী কনিষ্টবলজনক টনা আজোৰা কৰি মহিলাসকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ।

শতাধিক মহিলাৰ ৰোষত পৰে কমল বৰা নামৰ আৰক্ষী কনিষ্টবলগৰাকী । নিজ কর্তব্য পালন কৰি ঘৰলৈ উভতাৰ সময়তেই বহুসংখ্যক মহিলাই ঘেৰাও কৰে আৰক্ষী কনিষ্টবল কমল বৰাক । দৰাচলতে এইগৰাকী আৰক্ষী কনিষ্টবল কমল বৰাৰ পত্নীৰ বিৰুদ্ধে এইসকল মহিলাৰ জমা ৬০ লাখ টকা ধন আত্মসাতৰ অভিযোগ । বহুকেইগৰাকী আৰক্ষীৰ পত্নীয়ে মিলি ধন জমা কৰিবলৈ গঠন কৰিছিল এটা আত্মসহায়ক গোট । চৰ্ত আছিল কাৰোবাৰ বিপদ হ'লে গোটৰ পৰা ল'ব পাৰিব ধন । বিগত প্ৰায় দুই তিনিবছৰ ধৰি কনিষ্টবল কমল বৰাৰ পত্নী শেৱালী বৰাই গোটটোৰ সম্পূৰ্ণ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছিল । কিন্তু গোটৰ নামত শতাধিক আৰক্ষীৰ পত্নীয়ে জমা কৰা ধনৰ পৰিমান ৬০ লাখৰো অধিক হোৱাত আন মহিলাসলৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰে শেৱালী বৰাই । আনকি বঞ্চিত কৰে গোটৰ পৰা ধাৰ বিচৰা গোটৰ সদস্যকো ।

ইয়াৰ পিছতেই হঠাৎ আত্মগোপন কৰে গোটৰ দায়িত্বত থকা শেৱালী বৰা । মহিলাসকলে জমা থোৱা ৬০ লাখ টকা আত্মসাতৰ অভিযোগ মহিলাগৰাকীৰ বিৰুদ্ধে । এই অভিযোগতে সোমবাৰে এইসকল মহিলাই শেৱালী বৰাৰ স্বামী আৰক্ষী কনিষ্টবল কমল বৰাক ঘেৰাও কৰাত উত্তাল হৈ পৰে পৰিস্থিতি ।

লগতে পঢ়কঃ মৰাণৰ হিংৰীজান চাহবাগিচাত প্ৰাপ্য দৰমহা বিচাৰি শ্ৰমিকে ঘেৰাও কৰিলে বাগিচা কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.