বিলাসীপাৰা, 19 নবেম্বৰ : পূৱ বিলাসীপাৰাৰ চাপৰ চাহ বাগিছাৰ বিৰছা মুণ্ডা ষ্টেডিয়ামৰ সমীপত সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ড । জহুৰা খাতুন নামৰ এজনী মহিলাৰ ক্ষত,বিক্ষত অৱস্থাত উদ্ধাৰ হয় মৃতদেহ । লালচান্দ আলী নামৰ এজন ব্যক্তিয়ে হত্যা কৰি পেলাই থৈ যোৱাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি খোদ হত্যাকাৰীৰ । স্থানীয় ৰাইজৰ সোধ-পোচত হত্যাকাৰী লালচান্দ আলীৰ অকপট স্বীকাৰোক্তিঃ একমাত্ৰ বলাৎকাৰ কৰিব নিদিয়াৰ বাবে হত্যা কৰিছে মহিলা গৰাকীক ।
কাম দিয়াৰ প্ৰলোভনৰে সঘনাই লালচান্দ আলীয়ে যোগাযোগ কৰিছিল জহুৰা খাতুনৰ লগত । বুধবাৰেও কাম কৰিবলৈ গৈ নিশালৈ ঘূৰি নহাত শাহুৱেকে স্থানীয় ৰাইজক অৱগত কৰাত ৰাইজে লালচন্দ আলীক জেৰা কৰাৰ পিছত এই হত্যাকাণ্ডৰ তথ্য পোহৰ লৈ আহে । পিছত ৰাইজে হত্যাকাৰী লালচান্দক চাপৰ আৰক্ষীৰ হাতত গতাই দিয়ে ৷ মৃত মহিলাগৰাকীৰ ঘৰ ৰৌমাৰী দ্বিতীয় খণ্ডৰ ঘোপেৰগাঁৱত । মৃত জহুৰা খাতুন পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱা হেতুকে দৈনন্দিন চাপৰৰ বিভিন্ন অঞ্চলত দিন হাজিৰা কৰিছিল । মুকবধিৰ স্বামীৰ সৈতে জহুৰা খাতুনৰ আছে তিনি সন্তান । ঘটনা সংক্ৰান্তত চাপৰৰ আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
লগতে পঢ়ক : বজালীৰ বনৰীয়া ধাবাত নিশাৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড