ETV Bharat / jagte-raho

ৰাজ্যত পুনৰ নাবালিকা ধৰ্ষণৰ ঘটনা

ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত পাৱৰছলা গাঁৱত সংঘটিত হয় এক ধৰ্ষণৰ ঘটনা ৷ গাঁৱখনৰ এগৰাকী নাবালিকাৰ সৈতে সংঘটিত হয় এই দুষ্কাৰ্য ৷

author img

By

Published : Jul 28, 2020, 3:07 PM IST

ৰাজ্যত পুনৰ সংঘটিত নাবালিকা ধৰ্ষণকাণ্ড
ৰাজ্যত পুনৰ সংঘটিত নাবালিকা ধৰ্ষণকাণ্ড

গোলকগঞ্জ, 28 জুলাই : ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত পাৱৰছৰা গাঁৱত সংঘটিত হয় এই ঘটনা ৷ এগৰাকী যুৱকৰ কামনাৰ বলি হয় এগৰাকী বাৰ বছৰীয়া কিশোৰী ৷

ৰাজ্যত পুনৰ নাবালিকা ধৰ্ষণৰ ঘটনা

ঘটনা অনুসৰি,সোমবাৰে সন্ধিয়া গাঁৱখনৰ এগৰাকী বাৰ বছৰীয়া কিশোৰীয়ে কাষতে বহা বজাৰৰ পৰা ঘৰলৈ ঘুৰি আহোতে সমীপৰ নফ্চাৰ আলীৰ পুত্ৰ লুত্ফৰ আলীয়ে বলপূৰ্বকভাৱে উঠাই নি নিজৰ গোহালি ঘৰত ধৰ্ষণ কৰে ৷ ঘটনা সন্দৰ্ভত কাৰোবাক ক'লে হত্যাৰ ভাবুকি দিয়ে যদিও কিশোৰীগৰাকীয়ে ঘৰত আহি পৰিয়ালক অৱগত কৰে ৷ লগে লগে পৰিয়ালে আগমনি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী ঘটনাস্থলী পোৱাত অভিযুক্ত যুৱকজনে পলায়ন কৰে ৷ ঘটনা সন্দৰ্ভত আগমনি থানাত ভুক্তভোগী কিশোৰীৰ পৰিয়ালে এক গোচৰ ৰুজু কৰে ৷

লগতে পঢ়কঃ হাইলাকান্দিত পথৰ দাঁতিত নৱজাতক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.