নিউজ ডেস্ক, 29 এপ্ৰিলঃ ৰাজস্থানৰ চিৰহি জিলাত সংঘটিত হৈছে জঘন্য ঘটনা । 15 বছৰীয়া এগৰাকী কিশোৰীক অপহৰণ কৰি নি এজন যুৱকে তিনিদিন ধৰি চলায় উপৰ্যুপৰি যৌন নিৰ্যাতন । পিন্দৱাৰা থানাৰ অন্তৰ্গত এখন বিদ্যালয়ৰ কোঠাত সংঘটিত হৈছে এই অপৰাধ ।
কিশোৰীগৰাকীয়ে চুবুৰীয়াৰ ঘৰলৈ গৈ থকা অৱস্থাত একেখন গাঁৱৰে যুৱক এজনে অপহৰণ কৰি লকডাউনৰ ফলত বন্ধ হৈ থকা আদৰ্শ দুংৰি বিদ্যালয়লৈ লৈ যায় । বিদ্যালয়খনত তিনিদিন ধৰি যুৱতীগৰাকীক বন্দী কৰি ৰাখে আৰু ধৰ্ষণ কাৰ্য সংঘটিত কৰে । তিনিদিন পাচত কিশোৰীগৰাকীক ঘৰৰ কাষত পেলাই থৈ যুৱকজনে পলায়ন কৰে ।
পৰিয়ালৰ লোকে কোনো মহিলাৰ আৰ্তনাদ শুনিব পাই বাহিৰলৈ ওলাই আহি নিজৰ ছোৱালীজনীক পত্যক্ষ কৰে । তাৰ পাচতে চিকিৎসালয়লৈ লৈ যোৱা হয় কিশোৰীগৰাকীক । চিকিৎসালয়ৰ পৰা আৰক্ষীক খবৰ দিয়াত এক গোচৰ পঞ্জীয়ণ কৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।