বিলাসীপাৰা,28 জুন : বিলাসীপাৰা হলদিবাৰীত নাবালিকাক অপহৰণ কৰি ধৰ্ষণৰ অভিযোগ ৷ ঘটনাৰ বাৰটাকৈ দিন উকলি যোৱাৰ পাচতো গ্ৰেপ্তাৰ নহ'ল ধৰ্ষণকাৰী |
এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত | বিলাসীপাৰা মহকুমাৰ ৰাণীগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত হলদিবাৰী গাঁৱত এজন বিবাহিত পুৰুষৰ কামনাৰ বলি হয় এগৰাকী নাবালিকা | অভিযোগ অনুসৰি অভিযুক্ত মনিৰুজ্জামান (26) নামৰ বিবাহিত পুৰুষ জনে যোৱা 16 জুনৰ সন্ধিয়া গাঁও খনৰ মহিলা এগৰাকীৰ দ্বাৰা চুবুৰীয়া ঘাছবাৰী গাঁৱলৈ মাতি নিয়ে ছাত্ৰী গৰাকীক | তাৰ পিছতে আন এজন বন্ধুৰ সহযোগত ঘাছবাৰী গাঁৱৰ মনিৰুজ্জামানে ছাত্ৰী গৰাকীক মুখত হেচি ধৰি মটৰ চাইকেলেৰে গৌৰীপুৰ লৈ নিয়ে | তাতে মনিৰুজ্জামানৰ পৰিচিত কোনো এটা বাসগৃহত ছাত্ৰী গৰাকীক নি দুই দিন ৰাখি বলপূৰ্বক ধৰ্ষণ কৰাৰ অভিযোগ |
ঘটনা সন্দৰ্ভত দৰিদ্ৰ ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে 17 জুনত ৰাণীগঞ্জ আৰক্ষী চকীত মনিৰুজ্জামান নামৰ বিবাহিত পুৰুষ জনে অপহৰণ কৰি নিয়া বুলি এজাহাৰ দাখিল কৰে | এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰাথমিক তদন্ত আৰম্ভ কৰাত পলাতক হৈ থকা মনিৰুজ্জামানে দুই দিন পাচত ছাত্ৰী গৰাকীক আনি ৰাণীগঞ্জ আৰক্ষী চকীৰ সন্মুখত এৰি থৈ যায় | উদ্ধাৰ হোৱা ছাত্ৰী গৰাকীয়ে ঘটনা সবিস্তাৰে আৰক্ষীৰ আগত বিৱৰি কয় | ইয়াৰ পিছতে POCSO এক্টৰ অধীনত গোচৰ ৰুজু কৰিয়ে নিজৰ দায়িত্ব সামৰি থয় আৰক্ষীয়ে | ফলত ঘটনাৰ 12 টা কৈ দিন উকলি যোৱাৰ পিছতো ন্যায়ৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে নাবালিকাগৰাকী ৷