নিউজ ডেস্ক, 21আগষ্টঃ মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত এখন অলংকাৰৰ দোকানৰ মালিকৰ চকুত জলকীয়া গুৰি চটিয়াই 50 গ্ৰাম সোণ লৈ পলাবলৈ চেষ্টা কৰে এজন যুৱকে ৷ অৱশ্যে যুৱকজনে পলাবলৈ চেষ্টা কৰোতে দোকানখনৰ কাষতে থকা ৰাইজে চোৰটোক ধৰি উত্তম মধ্যম সোধায় ৷
উল্লেখযোগ্য যে, সমগ্ৰ ঘটনা চিচিটিভি কেমেৰাত বন্দী হৈ ৰয় ৷ সম্প্ৰতি অভিযুক্ত যুৱকজনক আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ অভিযুক্তগৰাকীয়ে আৰক্ষীৰ আগত মধ্য প্ৰদেশৰ দেৱাসৰ আনন্দ বুলি পৰিচয় দিছে ৷
লগতে পঢ়ক : ঘৰত গৃহস্থ নথকাৰ সুযোগত চোৰৰ চাফাই অভিযান