ETV Bharat / jagte-raho

হোজাইত লাভ জেহাদৰ বলী মহাবিদ্যালয়ৰ ছাত্ৰী

হোজাইত সংঘটিত লাভ জেহাদৰ ঘটনা ৷ ভূৱা পৰিচয়ৰে যুৱতী গৰাকীৰ লগত কথা পাতি প্ৰেমৰ প্ৰস্তাৱ দিছিল যুৱকজনে ৷ হোজাই আৰক্ষীৰ তদন্ত আৰম্ভ ৷

author img

By

Published : Nov 4, 2020, 5:43 PM IST

Love Jihad: Hojai Police Resues Girl, Arrested One
হোজাইত লাভ জেহাদৰ বলী মহাবিদ্যালয়ৰ ছাত্ৰী

হোজাই, 4 নৱেম্বৰ: হোজাই জিলাত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা ৷ তথ্য অনুসৰি, লংকাৰ শ্যামবাৰীৰ আজেদ ৰহমান নামৰ এজন যুৱকে এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰীক ভূৱা পৰিচয়ৰে প্ৰেমৰ জালত পেলাই পলুৱাই নিবলৈ চেষ্টা চলায় ৷

উল্লেখ্য যে, প্ৰকৃত পৰিচয় লুকুৱাই ৰাখি অজিত বিশ্বাস নামৰ পৰিচয়ৰে যুৱতী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ দিছিল যুৱকজনে ৷ ইয়াৰ পিচতে যুৱকজনে ছোৱালীজনীক হোজাই ছোৱালী মহাবিদ্যালয়ৰ পথৰ পৰা অ'টত উঠাই লৈ যায় ৷ অৱশেষত ছাত্ৰী গৰাকীয়ে যুৱকজনৰ প্ৰকৃত পৰিচয় জানিব পাৰি আঁতৰি আহিবলৈ বিচাৰে যদিও বলপূৰ্বকভাৱে আৱদ্ধ কৰি ৰাখিবলৈ চেষ্টা চলাই যুৱকজনে ৷

ইফালে, যুৱতী গৰাকীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত হোজাই থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে যুবকজনৰ ওপৰত এক গোচৰ ৰুজু কৰে ৷ সমান্তৰালভাৱে থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰৰ নেতৃত্বত অভিযান চলাই যুৱকজনক দৈয়ঙমুখৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতী গৰাকীক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, বৰ্তমান যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিৱ পৰা গৈছে ৷

লগতে পঢ়ক : ভাৰতীয় সেনাক শীতকালীন বস্ত্ৰ প্ৰদান কৰিলে আমেৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.