ETV Bharat / jagte-raho

কামাখ্যা কেলেংকাৰী : ঘন্টাধৰি ৰিজু শৰ্মাৰ বাসগৃহত চিআইডিৰ তালাচী - Kamakhya Scam

কামাখ্যা ধামৰ প্ৰায় 8 কোটিটকীয়া কেলেংকাৰীত সাঙোৰ খাই পৰা ৰিজু শৰ্মাৰ বাসগৃহত বুধবাৰে অভিযান চলায় চিআইডিয়ে ৷ অভিযানৰ পূৰ্বেই ৰিজু শৰ্মাই পলায়ন কৰে যদিও অভিযানকাৰী দলে জব্দ কৰে বহু আপত্তিজনক নথি-পত্ৰ ৷

Kamakhya Scam : CID Raid at Riju Sarma's House
ঘন্টাধৰি ৰিজু শৰ্মাৰ বাসগৃহত চিআইডিৰ তালাচী
author img

By

Published : Feb 19, 2020, 8:42 PM IST

গুৱাহাটী, 19 ফেব্ৰুৱাৰী : কামাখ্যা ধামৰ প্ৰায় 8 কোটিটকীয়া বিত্তীয় কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে চিআইডিয়ে ৷ 2015 চনত দলৈ সমাজে মন্দিৰ পৰিচালনাৰ দায়িত্ব লোৱাৰ পিচতেই উন্মোচিত হৈছিল ধন হৰলুকি হোৱাৰ তথ্য ৷ দুটাকৈ বেংক একাউন্টত থকা প্ৰায় 8 কোটি টকাৰ কোনোধৰণৰ হিচাপ নাছিল ৷

Kamakhya Scam : CID Raid at Riju Sarma's House
ৰিজু শৰ্মাৰ বাসগৃহত চিআইডিৰ অভিযান

যাৰ বাবেই দলৈ সমাজে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ৷ শেহতীয়াকৈ উচ্চ ন্যায়ালয়ে যোৱা কিছুদিন পূৰ্বে উক্ত গোচৰ সন্দৰ্ভত তিনি মাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে চিআইডিক ৷

অভিযানকাৰী দলটো

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিচতেই এতিয়া তৎপৰ হৈ উঠিছে ৰাজ্যৰ অপৰাধ অনুসন্ধান শাখা ৷ বুধবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰা ৰিজু শৰ্মাৰ কামাখ্যাস্থিত বাসগৃহত কেইবা ঘন্টা ধৰি তালাচী অভিযান চলায় ৷

ঘন্টাধৰি ৰিজু শৰ্মাৰ বাসগৃহত চিআইডিৰ তালাচী

অভিযানৰ বিষয়ে আগতীয়াকৈ গম পাই বাসগৃহৰ পৰা পলায়ন কৰে ৰিজু শৰ্মাই ৷ অভিযানৰ কালচোৱাত চিআইডিয়ে বহুটো গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.