ETV Bharat / jagte-raho

সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ - হাতীগাঁও থানা

সামাজিক মাধ্যমত সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে অপপ্ৰচাৰ, হাতীগাঁও থানাত এজাহাৰ ৷

সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ

author img

By

Published : Sep 25, 2020, 2:09 AM IST

গুৱাহাটী, 24 ছেপ্টেম্বৰ : ‘ভইছ অৱ অসম’ (Voice of Assam) নামৰ এটা টুইটাৰ একাউণ্টৰ বিৰুদ্ধে মহানগৰীৰ হাতীগাঁও থানাত এজাহাৰ দাখিল । সাংবাদিক তথা লেখক জিয়াউৰ ৰহমানে দাখিল কৰিছে এই এজাহাৰ । VOICE OF ASSAM এ কৰা বিতৰ্কিত টুইটটো.....

  • With whom these people are doing secret funding meetings in Hojai? These are supposed to be Jatiyo Nayaks & self appointed saviours of Assamese culture.

    But what is their link from Dubai to Bangladesh?? Are they trying to get election fund from Dubai??? pic.twitter.com/weKwyAL8vG

    — Voice of Assam (@VoiceOfAxom) September 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ঘটনা অনুসৰি যোৱা 22 ছেপ্টেম্বৰ তাৰিখে এই টুইটাৰৰ একাউণ্টৰ পৰা এটা অপমানসূচক পোষ্ট কৰিছিল ৷ পোষ্টটোত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ শেহতীয়া হোজাই ভ্ৰমণৰ ওপৰত সম্প্ৰচাৰিত এটা বাতৰিৰ প্ৰসংগত সাংবাদিক জিয়াউৰ ৰহমানক ডুবাই-বাংলাদেশৰ সৈতে সম্পৰ্ক থকা ব্যক্তি বুলি প্ৰকাশ কৰা হয় ।

সাংবাদিক জিয়াউৰ ৰহমানৰ বিৰুদ্ধে ভইছ অৱ অসমৰ অপপ্ৰচাৰ
সাংবাদিক জিয়াউৰ ৰহমানে দাখিল কৰা এজাহাৰ

সাংবাদিক ৰহমানৰ অভিযোগ তেওঁক সামাজিকভাৱে বিচ্ছিন্ন কৰাৰ লগতে তেওঁৰ প্ৰতি সন্দেহ প্ৰচাৰ কৰি মানসিক আৰু শাৰিৰীক উভয় প্ৰকাৰে ক্ষতি কৰিব বিচাৰিছে এটা দুষ্ট চক্ৰই ৷ এই ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সাংবাদিক তথা লেখক জিয়াউৰ ৰহমানে ।

ইফালে সাংবাদিকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, "এই ভুৱা টুইটাৰ হেণ্ডেলটো গুৱাহাটীৰ ফাঁচী বজাৰত থকা চৌহান উপাধিৰ এজন ব্যক্তিৰ । যাৰ অসমৰ সমাজ-সাংস্কৃতিক ঐতিহ্যৰ ওপৰত পৰ্যাপ্ত কোনো ধাৰণা নাই । 29 হাজাৰতকৈ অধিক ‘অনুগামী’ থকা উক্ত হেণ্ডেলটোৰ জৰিয়তে এই লোকজনে অহৰহ সাম্প্ৰদায়িক তথা বিভাজনমুখী কথা প্ৰচাৰ কৰি থাকে ৷" এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে জিয়াউৰ ৰহমানে ।

লগতে পঢ়ক : প্ৰশাসনিক বিষয়াৰ দুৰ্নীতিৰ ক্লিপ ভাইৰেল, শিলাদিত্যৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.