নগাঁও, 27 নৱেম্বৰঃ বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি,ৰাইজৰ ৰোষত পৰিল সাংবাদিকৰ দল ৷ একাংশ সাংবাদিকৰ বিৰুদ্ধে ধন সংগ্ৰহত নমাৰ অভিযোগ ৷ বুধবাৰে পুৱতি নিশা নগাঁও জিলাৰ জাজৰি বাছ আস্থানত জাজৰিৰ চাৰিজন সাংবাদিকে অবৈধ বালিৰ ট্ৰাকৰ নথি পত্ৰ বিচাৰি ধন দাবী কৰাৰ অভিযোগ ৷ ফলত ট্ৰাক চালক আৰু সাংবাদিকৰ দলটোৰ মাজত হোৱা বাক-বিতণ্ডাই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷
বটদ্ৰৱাত ৰাইজৰ ৰোষত সাংবাদিক পিচত স্থানীয় জাজৰি আৰক্ষীৰ হস্তক্ষেপত সাংবাদিকৰ দলটো আৰু ট্ৰাক চালকৰ মাজত ৰাইজমেলৰ জৰিয়তে বিবাদ মিমাংসা হয় ৷ সাংবাদিকৰ দলটোৱে ৰাইজৰ ওচৰত ভুল স্বীকাৰ কৰাত ট্ৰাক চালকসকলে গোচৰ তৰাৰ পৰা বিৰত থাকে ৷ অৱশ্যে সাংবাদিকৰ দলটোৱে ধন দাবীৰ অভিযোগ অস্বীকাৰ কৰে ৷ উল্লেখ্য যে জাজৰি আৰক্ষীৰ সন্মুখেৰে নিতৌ নিশা শতাধিক অবৈধ বালিৰ ট্ৰাক চালান অবিহনেই চলাচল কৰে যদিও নীৰৱ ভূমিকা গ্ৰহণ কৰি আহিছিল আৰক্ষীয়ে,ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷
আৰু পঢ়কঃ যোৰহাটত সংঘটিত সোণ জালিয়াতিৰ ঘটনা