ধেমাজি, 31 আগষ্ট : লকডাউনৰ সময়ছোৱাত ধেমাজি আবকাৰী বিভাগৰ বৃহৎ সফলতা ৷ ধাৰাবাহিক অভিযানত নষ্ট হাজাৰ হাজাৰ লিটাৰ অবৈধ সুৰা আৰু বহুকেইটা মদৰ ঘাটি ৷ ধেমাজি আবকাৰী বিভাগৰ ধাৰাবাহিক অভিযানত জব্দ হৈছে হাজাৰ হাজাৰ লিটাৰ অবৈধ সুৰা ৷ নষ্ট কৰা হৈছে শতাধিক মদৰ ভাটি ৷
এই অবৈধ সুৰা ব্যৱসায়ৰ লগত জড়িত বহুকেইজনক জেললৈও নিক্ষেপ কৰাৰ লগতে বাহনো জব্দ কৰিছে বিভাগে ৷ এই ক্ষেত্ৰত ধেমাজি আবকাৰী বিভাগৰ অধীক্ষকগৰাকীয়ে জানিব দিয়া মতে এই জটিল সময়ছোৱাত জিলাখনত আৱকাৰী বিভাগে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত ধেমাজিত 2105 লিটাৰ চুলাই সুৰা জব্দ কৰা লগতে 55845 টা সুৰা প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰা হৈছে ৷ একেদৰে 327 টা অবৈধ সুৰা ঘাটি উচ্ছেদ কৰা হৈছে বুলি মন্তব্য কৰে ৷ বিষয়াগৰাকীয়ে লগতে কয় যে, ধেমাজি জিলাখনত তথা অসমৰ চুবুৰীয়া অৰুণাচলৰ সুৰাই অসম ৰাজহ হ্ৰাস কৰাত যথেষ্ট ইন্ধন যোগাই আহিছে ৷ চুবুৰীয়া অৰুণাচলৰ পৰা এই লকডাউনৰ সময়ছোৱাত যথেষ্ট সুৰা অসমৰ চুকে-কোণে ব্যৱসায় কৰা বুলি উল্লেখ কৰে ৷ এই অভিযান কালত ধেমাজি সদৰ থানা আৰক্ষীৰ লগতে চিলাপথাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে সহযোগিতা কৰা বুলি কয় জিলা আৱকাৰী অধীক্ষক শুক্লচন্দ্ৰ গোস্বামীয়ে ৷
লগতে পঢ়ক : আৰক্ষীৰ অভিযানত কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ হেৰইন জব্দ