চিৰাং, 8 জুন : বিটিচিত ৰাজ্যপালৰ শাসনৰ সময়তে চিৰাঙত বৃদ্ধি পাইছে চোৰাং কাঠৰ সৰবৰাহ । প্ৰতি নিশাই জিলাখনৰ পৰা ট্ৰাকে ট্ৰাকে চোৰাং কাঠ সৰবৰাহ হোৱাৰ তথ্য পোহৰলৈ আহিছে । বন বিভাগৰ তৎপৰতাত দুজনক আটক কৰাৰ লগতে জব্দ বুজন পৰিমানৰ চোৰাং কাঠ ।
বিটিচিত ৰাজ্যপালৰ শাসন বলৱৎ হোৱাৰ পিছত বনবিভাগৰ তৎপৰতাত জিলাখনত চলি থকা চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলায় বিভাগে ৷ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতাৰ ওদালগুৰিত ৰাতিপুৱা প্ৰায় ৫ মান বজাত চোৰাং কাঠ সৰবৰাহ কৰা এখন ভূটানত পঞ্জীয়নযুক্ত BP-১A-০৫৩৩ নম্বৰৰ গাড়ীখন বনবিভাগে খেদি খেদি জব্দ কৰি গাড়ীখনৰ সহকাৰী চালক বৰপেটাৰ দিপক সৰকাৰক(৩৯) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আনহাতে যোৱা নিশা জিলাখনৰ চিদলী থানাৰ অন্তৰ্গত বামুণগাওঁত এখন পালচাৰ বাইকৰ পিচত ট্ৰলি লগাই চোৰাং কাঠ কঢ়িৱাৰ সময়তে বন বিভাগে AS-১৬D-৪৭৪৩ নম্বৰৰ পালচাৰ, পালচাৰ চালক আৰু পালচাৰত থকা চোৰাং কাঠসমূহ বনবিভাগে জব্দ কৰাৰ লগতে পালচাৰৰ গৰাকী নেপাল চন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰে ৷ আজি দুয়োকে আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে বিভাগে ।
গাড়ী দুখনৰ পৰা বনবিভাগে ২০০ ঘন ফুট চোৰাং কাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । জব্দীকৃত চোৰাং কাঠসমূহৰ বজাৰ মূল্য প্ৰায় দহ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে । চিৰাঙত পূৰ্বৰে পৰাই চলি অহা বন ধ্বংস যজ্ঞ এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে । জিলাখনৰ চিৰাং বন সংমণ্ডলৰ অন্তৰ্গত, ওদালগুৰি, ৰাণীপুৰ আৰু শিলিখাগুৰী গাঁৱক বনবিভাগে বনধ্বংস চক্ৰ গাঁও হিচাপে চিহ্নিত কৰিছে বুলি জনায় চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে । বন ধ্বংস গাঁৱৰ সৈতে বিশেষভাৱে জড়িত আছে চিদলী বামুণগাঁৱৰ একাংশ দুষ্টচক্ৰ । বিশেষ সুত্ৰে পোৱা তথ্য অনুসৰি এজন গাঁৱবুঢ়াও এই বন ধ্বংস কাৰ্যৰ সৈতে জড়িত থকা বুলি জনায় ব্ৰহ্মানন্দ পাতিৰীয়ে ।
লগতে পঢ়কঃ কাৰ্বি আংলঙত অস্ত্ৰসহ আটক 4 উগ্ৰপন্থী সদস্য