ধুবুৰী, 4 জানুৱাৰী : বিলাসীপাৰাত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ অতি ভিতৰুৱা অঞ্চলবোৰত অবৈধ কাঠফলা কল স্থাপন কৰি চোৰাং কাঠ ফালি চলাই আহিছে ৰমৰমীয়া ব্যৱসায় ৷ চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে সোমবাৰে বিয়লি বন বিভাগৰ অভিযান ৷
ধুবুৰী জিলা বন প্ৰাধিকাৰী (DFO) পল্লৱ বিজয় ত্ৰিমবাৰ্গ,শালকোচা আঞ্চলিক বন বিষয়া হৰিশ চন্দ্ৰ নাথৰ নেতৃত্বত চলোৱা অভিযানত ডুবাচুৰি গাঁৱত জব্দ অবৈধ কাঠ ফলা কল ৷ অৱশ্যে,অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই পলাই যাবলৈ সক্ষম হয় চোৰাং কাঠ ব্যৱসায়ীসকল ৷
লগতে পঢ়ক : ভাৰতৰ পাচতে পাকিস্তানত সৰ্বাধিক উপভোগ DD আৰু AIR