ETV Bharat / jagte-raho

বন বিভাগৰ আশীৰ্বাদঃ বেঁকী নৈৰ বুকুত অবৈধ বালি খনন - বালিকুৰি আৰক্ষী চকী

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চানপুৰ বেঁকী নদীৰ চৰত দিনে নিশাই চলিছে অবৈধ বালি খনন। যি খনন কাৰ্যই কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চানপুৰ,বালিকুৰি,জনতা,শওঁপুৰ,সুঁতিৰপাথাৰ,কলগাছিয়া আদি কেইবাখনো ৰাজহ গাঁৱলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ।

illegal-sand-mining-is-going-on-with-the-blessings-of-the-forest-department-in-kalgachia
কলগাছিয়াৰ বেঁকী নৈৰ বুকুত বন বিভাগৰ আশীৰ্বাদত চলিছে অবৈধ বালি খনন
author img

By

Published : Jan 5, 2021, 6:31 PM IST

Updated : Jan 5, 2021, 6:38 PM IST

জনীয়া, 5 জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়া আৰু বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চানপুৰ বেঁকী নদীৰ চৰত দিনে নিশাই চলিছে অবৈধ বালি খনন । যি খনন কাৰ্যই কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চানপুৰ,বালিকুৰি,জনতা,শওঁপুৰ,সুঁতিৰপাথাৰ,কলগাছিয়া আদি কেইবাখনো ৰাজহ গাঁৱলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ।

কলগাছিয়াৰ বেঁকী নৈৰ বুকুত বন বিভাগৰ আশীৰ্বাদত চলিছে অবৈধ বালি খনন

ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বন বিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি কেইবাখনো ট্ৰেক্টৰ লগাই এইদৰে খনন কাৰ্য চলাই আহিছে বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে । দিনে-নিশাই বালি খনন কৰা কাৰ্যক বাধা দিলেও বালি মাফিয়াই স্থানীয় ৰাইজক কোনো ধৰণৰ ভ্ৰক্ষেপ নকৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

এই ক্ষেত্ৰত কলগাছিয়া আৰক্ষী থানা আৰু খনন কাৰ্য স্থলীৰ একেবাৰে সমীপৰ বালিকুৰি আৰক্ষী চকীৰ দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজে । শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : 7 জানুৱাৰীত ঘোষণা হ'ব IITত নামভৰ্তি প্ৰক্ৰিয়া, JEE Advancedৰ দিন

Last Updated : Jan 5, 2021, 6:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.