কলিয়াবৰ, 4 আগষ্টঃ লক ডাউনৰ মাজতো নগাঁৱত অব্যাহত আছে চোৰাং কাঠ সৰবৰাহৰ লগতে চোৰাং তেলৰ ৰমৰমীয়া বেহা ৷ তেনে এক চোৰাং তেলৰ সৰবৰাহৰ ঘটনা মঙলবাৰে পোহৰলৈ আহিছে ৷
উল্লেখ্য যে, নগাঁৱৰ বাগৰিত আৰক্ষীৰ জালত পৰে দুজন অবৈধ তেল সৰবৰাহকাৰী ৷ কলিয়াবৰৰ বাগৰি আৰক্ষীৰ সহযোগত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এ. পি. মীনাৰ নেতৃত্বত অবৈধ তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলায় । আৰক্ষীৰ অভিযানত চোৰাং তেল ব্যৱসায়ৰ লগত জড়িতৰ সন্দেহত বাবৰ আলী আৰু মুছলিমুদ্দিন নামৰ দুজন লোকক আটক কৰে । তাৰোপৰি আৰক্ষীৰ এই অভিযান কালত কেইবাটাও স্থানৰ পৰা অবৈধভাবে ৰখা ৫৩ টা ড্ৰামৰ পৰা প্ৰায় ১১ হাজাৰ লিটাৰ তেল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
ইফালে বাগৰি অঞ্চলত পূৰ্বৰে পৰা চলি থকা এনে অবৈধ তেলৰ বেহাক লৈ বিভিন্ন পক্ষৰ অভিযোগৰ ভিত্তিত মঙলবাৰে এই অভিযান চলাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আৰক্ষীৰ অভিযানত এটা অবৈধ তেল চুৰি চক্ৰৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক- সাৱধান ! সস্তাত সোণ কিনিবলৈ গৈ ঠগ নাখাব