ETV Bharat / jagte-raho

গাঞ্জাৰ চকলেটসহ আৰক্ষীৰ জালত ব্যৱসায়ী

author img

By

Published : Mar 1, 2020, 8:00 PM IST

200 টা গাঞ্জাৰ চকলেটসহ হায়দৰাবাদ আৰক্ষীয়ে আটক কৰিলে 41 বছৰীয়া এজন ব্যক্তিক ৷ পলাতক অৱস্থাত আছে আন এজন ব্যৱসায়ী ৷ আৰক্ষীয়ে নিজাকৈ ৰুজু কৰিছে গোচৰ ৷

Hyderabad Police arrests one for selling marijuana chocolates
200 টা গাঞ্জাৰ চকলেটসহ হায়দৰাবাদ আৰক্ষীয়ে আটক কৰিলে 41 বছৰীয়া এজন ব্যক্তিক ৷

নিউজ ডেস্ক , 1 মাৰ্চঃ শনিবাৰে 200 টা গাঞ্জাৰ চকলেটসহ এজন 41 বছৰীয়া ব্যক্তিক আটক কৰে হায়দৰাবাদ আৰক্ষীয়ে ৷ জয়ন্ত প্ৰধান নামৰ ব্যক্তিজনে তেখেতৰ দোকানত গাঞ্জাৰ চকলেট বিক্ৰী কৰিছে বুলি গোপন সূত্ৰে তথ্য লাভ কৰাৰ পাছতেই এক অভিযান চলাই আৰক্ষীয়ে আটক কৰে ব্যক্তি গৰাকীক ৷ আবকাৰী পৰিদৰ্শক জীৱন কুমাৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে ,এই অবৈধ গাঞ্জা ব্যৱসায়ৰ লগত জড়িত আকাশ দাস নামৰ আন এজন ব্যৱসায়ী বৰ্তমান পলাতক অৱস্থাত আছে ৷ পলাতক চোৰাং ব্যৱসায়ীজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ লগতে ধৃত জয়ন্ত প্ৰধানক ন্যায়িক জিম্মালৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বুলি মন্তব্য কৰে আবকাৰী পৰিদৰ্শক গৰাকীয়ে ৷

লগতে পঢ়কঃএম্বুলেঞ্চ আহিবলৈয়ো দ্বিধাবোধ কৰা এটা অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.