ETV Bharat / jagte-raho

হায়দৰাবাদত ১১ মহলাৰ পৰা জপিয়াই আত্মহত্য়া কিশোৰৰ - লকডাউন

হায়দৰাবাদত লকডাউনৰ মাজতে সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা । আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ অন্তত টিভি চোৱা আৰু মোবাইল ফোনত গেম খেলাৰ বাবে অভিভাৱকে ধমকি দিয়াৰ পিচতে কিশোৰগৰাকীয়ে এই ঘটনা সংঘটিত কৰে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

হায়দৰাবাদত ১১ মহলাৰ পৰা জপিয়াই আত্মহত্য়া কিশোৰৰ

author img

By

Published : Apr 22, 2020, 11:55 AM IST

নিউজ ডেস্ক, ২২ এপ্ৰিলঃ লকডাউনৰ মাজতে হায়দৰাবাদত এগৰাকী কিশোৰী ১১ মহলীয়া অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰে । প্ৰথম অৱস্থাত কিশোৰজনত এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ লৈ যোৱা হয় যদিও কিশোৰজনক মৃত ঘোষণা কৰা হয় । আত্মহত্যা কৰা কিশোৰজনৰ বয়স ১৩ বছৰ হ'ব বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, নৱমমান শ্ৰেণীত অধ্য়য়নৰত কিশোৰজনে মাজ নিশা নিজৰ বাসগৃহৰ পৰা তললৈ জপিয়াই দিয়ে । অট্টালিকাটোৰ সুৰক্ষাৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীয়ে ঘটনাটো প্ৰত্যক্ষ কৰি আৰক্ষীৰ লগতে পৰিয়ালৰ লোকক খবৰ দিয়ে । প্ৰথম অৱস্থাত কিশোৰজনক স্থানীয় এক ব্যক্তিগত নাৰ্ছি হোমত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

প্ৰাৰম্ভিক তদন্তৰ অন্তত টিভি চোৱা আৰু মোবাইল ফোনত গেম খেলাৰ বাবে অভিভাৱকে ধমকি দিয়াৰ পিচতে কিশোৰগৰাকীয়ে এই ঘটনা সংঘটিত কৰে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.