ৰঙিয়া, 1 অক্টোবৰ : ৰঙিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । নিজ পত্নীক হত্যা কৰি একমাত্ৰ সন্তানক লৈ পলায়ন হত্যাকাৰী স্বামীৰ । ৰঙিয়াৰ 2 নং ইচ্ছাপুৰত সংঘটিত হৈছে এই ঘটনা ৷

ঘটনাৰ বিৱৰণ অনুসৰি শুকুৰবাৰে 2 নং ইচ্ছাপুৰ নিবাসী কদম আলীয়ে পত্নী দিলোৱাৰা বেগমক হত্যা কৰি মৃতদেহটো ঘৰতেই পেলাই থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে । যোৱাৰ সময়ত কদম আলীয়ে তেওঁলোকৰ চাৰি বছৰীয়া একমাত্ৰ সন্তানটোকো লগতে লৈ যায় ।

শনিবাৰে ওচৰ চুবুৰীয়াই ঘৰৰ মানুহক নেদেখি বিচাৰ-খোচৰ কৰে । তেনে সময়তেই একেখন গাৱঁতেই বাস কৰা কদম আলীৰ শহুৰেকে জোৱায়েকলৈ ফোন কৰে । ফোনত কদম আলীয়ে হত্যাকাণ্ডৰ স্বীকাৰোক্তি দিয়াৰ লগতে মৃতদেহ ঘৰৰ ভিতৰত আছে বুলি জানিবলৈ দিয়ে ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে । মৃত দিলোৱাৰা বেগমৰ পিতৃয়ে পূৰ্বতে যৌতুকৰ বাবে জোৱায়েক কদম আলীয়ে পত্নীক অত্যাচাৰ কৰিছিল বুলি জানিবলৈ দিয়ে । দেওবাৰে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হয় ৷ ঘটনা সন্দৰ্ভত তুলসীবাৰী আৰক্ষী চকীত এক গোচৰ ৰুজু হৈছে ।
লগতে পঢ়ক : ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা দুৰ্নীতিমুক্ত নহয়ঃ চিপিআইএম(এম)