ETV Bharat / jagte-raho

আৰক্ষীৰ জালত ভুৱা শিক্ষাপ্ৰতিষ্ঠানৰ সঞ্চালক আৰু অধ্যক্ষ

author img

By

Published : Aug 25, 2020, 4:11 PM IST

Updated : Aug 25, 2020, 7:50 PM IST

নগাঁৱৰ HAM AK RURAL COLLEGE OF EDUCATION নামৰ শিক্ষা প্ৰতিষ্ঠানখনে দীৰ্ঘ দিনৰে পৰা ছাত্ৰ-ছাত্ৰীক ভুৱা ডিগ্ৰীৰ প্ৰমান পত্ৰ প্ৰদানৰ অভিযোগত আৰক্ষীয়ে আটক কৰিলে সঞ্চালক আৰু অধ্যক্ষ গৰাকীক ৷

HAM AK RURAL COLLEGE OF EDUCATIONS-arrested-by-police-at-nagaon
ভুৱা প্ৰমান পত্ৰঃ আৰক্ষী জালত সঞ্চালক আৰু অধ্যক্ষ

নগাঁও,25 আগষ্টঃ নগাঁৱত সংঘটিত হৈছে এটা আজৱ ঘটনা ৷ দীৰ্ঘ দিনৰে পৰা শিক্ষানুষ্ঠান খুলি ছাত্ৰ-ছাত্ৰীক ভুৱা ডিগ্ৰীৰ প্ৰমান পত্ৰ প্ৰদানৰ অভিযোগ উঠিছে HAM AK RURAL COLLEGE OF EDUCATION নামৰ শিক্ষা প্ৰতিষ্ঠান খনৰ বিৰুদ্ধে ৷ ইফালে ছাত্ৰ-ছাত্ৰীৰ জলপানীৰ ধনো আত্মসাৎ কৰা বুলি অভিযোগ তোলে বিভিন্ন দল সংগঠনে ।

বি এড, ডি এল এড, বি ফাৰ্ম, ডি ফাৰ্ম আদিৰ ভুৱা ডিগ্ৰীৰ প্ৰমান পত্ৰ প্ৰদানৰ অভিযোগত অৱশেষত আৰক্ষীৰ জালত পৰে, নগাঁৱৰ বহু বিতৰ্কিত শিক্ষানুষ্ঠান HAM AK RURAL COLLEGE OF EDUCATIONৰ সঞ্চালক আৰু অধ্যক্ষ । বিগত কিছু দিনৰ পৰাই শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে ভুৱা ডিগ্ৰী প্ৰদানৰ গুৰুতৰ অভিযোগ ।

আনহাতে, শিক্ষানুষ্ঠান খনৰ বিৰুদ্ধে ছাত্ৰ- ছাত্ৰীৰ জলপানীৰ ধনো আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁৱৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ । শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাই তদন্ত কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক ইনামূল হুছেইন আৰু অধ্যক্ষ হাইদৰ আলীক ।

আৰক্ষীৰ জালত ভুৱা শিক্ষাপ্ৰতিষ্ঠানৰ সঞ্চালক আৰু অধ্যক্ষ

ইফালে নগাঁৱৰ হাম ইনষ্টিটিউটৰ সঞ্চালকক গ্ৰেপ্তাৰ সন্দৰ্ভত নগাঁও আৰক্ষী বিষয়া সকলে সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদমেলত আৰক্ষী বিষয়া গৰাকীয়ে সদৰি কৰে যে, দহ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাখিব ধৃত সঞ্চালক আৰু অধ্যক্ষ গৰাকীক। শিক্ষা প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে ৰুজু হৈ থকা কেইবাটাও গোচৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মীনাৰ নেতৃত্বত এটা অনুসন্ধানকাৰী দল গঠন কৰি আৰম্ভ কৰিছিল তদন্ত। একাংশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ লগত মিলি ভুৱা ছাত্ৰ ছাত্ৰীৰ নামত জলপানীৰ ধন আত্মসাৎ কৰাৰ তথ্য লাভ কৰাৰ পাছতেই নগাঁও আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালক আৰু অধ্যক্ষক। ধৃত লোক কেইজনে কোটিতকৈ অধিক টকা আত্মসাৎ কৰাৰ তথ্য ইতিমধ্যেই লাভ কৰিছে নগাঁও আৰক্ষীয়ে। ইফালে মঙলবাৰে ধৃত দুই অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ অন্তত পুনৰ দহ দিনৰ আৰক্ষীৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

লগতে পঢ়ক-জালুকবাৰী আৰক্ষীৰ জালত চাৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী

Last Updated : Aug 25, 2020, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.