গোলাঘাট, 11 জুলাইঃ গোলাঘাটত সংঘটিত হয় এক কৰুণ ঘটনা ৷ সুৰাসক্ত নাতিনীয়েকৰ প্ৰহাৰত মৃত্যু হয় এগৰাকী ৭০ বছৰীয়া আইতাৰ ৷
গোলাঘাটত কৰ'ণা সংক্ৰমণৰ ভয়াবহতাৰ মাজতেই সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ সুৰাসক্ত পাষণ্ড নাতিনীয়েকে প্ৰহাৰ কৰি হত্যা কৰিলে ৭০ৰ বছৰীয়া আইতাক। গোলাঘাটৰ শালমৰা নেপালী বস্তীত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড। ড্ৰাগছ, মদত মতলীয়া হৈ নিজ আইতাকক শুই থকাৰ অৱস্থাত প্ৰহাৰ কৰে অজয় সোণাৰ নামৰ পাষণ্ডটোৱে । ইতিমধ্যে অজয় সোণাৰ প্ৰহাৰত মৃত্যু হয় আইতাজনীৰ ৷ মৃত আইতাজনীৰ নাম পদ্মমায়া সোণাৰ (৭০)।
উল্লেখ্য যে,সুৰাসক্ত অজয় সোণাৰে নিজ মাতৃক টকা বিচাৰি মাতৃৰ লগতে পৰিয়ালৰ আন সদস্যকো আহত কৰে । ইমানতেই শান্ত নাথাকি আইতাজনী শুই থকা অৱস্থাত গুৰুতৰভাবে প্ৰহাৰ কৰে অজয় সোণাৰে (২৭)। অজয় সোণাৰৰ প্ৰহাৰত গুৰুতৰ ভাৱে আহত আইতাক ততাতৈয়াকৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়ে যদিও চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আইতাজনীৰ । ইতিমধ্যে উক্ত ঘটনাটি আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজে ৷ উক্ত ঘটনাৰ বাবে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷