ETV Bharat / jagte-raho

চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ ৰোগীৰ পৰিয়ালৰ - Bagaribari Mahatma Gandhi Model Hospital news

বিলাসীপাৰাৰ বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ধন দাবীক লৈ উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী মহিলাৰ পৰা সন্তান প্ৰসৱৰ নামত ধনদাবী কৰাক লৈ শনিবাৰে নিশাৰ ভাগত উত্তপ্ত হৈ পৰে চিকিৎসালয়খন ৷

চিকিৎসকৰ গাফিলতিত নৱজাতকৰ মৃত্যু
author img

By

Published : Nov 3, 2019, 4:50 AM IST

বিলাসীপাৰা, 2 নৱেম্বৰঃ চৰকাৰী চিকিৎসালয়ত বিনামুলীয়া নহয় চিকিৎসা সেৱা ৷ এইখন অসমৰে বিলাসীপাৰাত সংঘটিত এক কাণ্ডই পোহৰলৈ আনিছে সকলো তথ্য ৷ সন্তান প্ৰসৱৰ নামত চিকিৎসকে ৰোগীৰ পৰিয়ালক ধনদাবী কৰাক লৈ উত্তপ্ত হৈ পৰে বিলাসীপাৰাৰ বগৰীবাৰী অঞ্চল ৷ বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা |

লগতে পঢ়কঃ শিৱসাগৰ, বৰপেটাৰোড, হাইলাকান্দিকে ধৰি বিভিন্ন প্ৰান্তত উদযাপন ষঠ পূজা

ঘটনা অনুসৰি, চিকিৎসালয়খনত খানাবাৰী পনেনয় আনি গাঁৱৰ ছামিয়েল হকৰ গৰ্ভৱতী পত্নী নাৰ্জু বেগমক ভৰ্তি কৰোৱা হয় | কিন্তু মহিলাগৰাকীৰ পৰিয়ালক সন্তান প্ৰসৱৰ নামত চিকিৎসক জাকিৰ হুছেইনে সাত হাজাৰ টকা দাবী কৰে | কিন্তু অতি দৰিদ্ৰ পৰিয়ালটিয়ে চিকিৎসকক দাবী কৰা ধন দিব নোৱাৰাত চিকিৎসাত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰে |

চিকিৎসকৰ গাফিলতিত নৱজাতকৰ মৃত্যু

আনহাতে মহিলাগৰাকীয়ে প্ৰসৱ কৰা সন্তানটো মৃত্যুমুখত পৰাৰ পিচতে পৰিয়ালৰ লোকসহ স্থানীয় ৰাইজ জাঙুৰ খাই উঠে ৷ স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকৰ মতে দাবী কৰা ধন লাভ নকৰাৰ বাবেই চিকিৎসাত হেমাহি কৰে চিকিৎসক জাকিৰ হুছেইনে ৷ সন্তানটোৰ মৃত্যুক লৈ চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাসহ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ উপৰিও চিকিৎসক জাকিৰ হুছেইনক সোধ-পোছৰ বাবে আটক কৰে | ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ স্বামী ছামিয়েল হকে আটানী আৰক্ষী চকীত চিকিৎসক জাকিৰ হুছেইন, নাৰ্চ আৰ ৰায় আৰু এম ৰায় বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে |

Intro:A. I - বিলাসীপাৰাৰ বগৰীবাৰী উত্তপ্ত পৰিস্থিতি |
সন্তান প্ৰসৱৰ নামত ৰোগীৰ পৰিয়ালৰ পৰা ধন দাবী চিকিৎসকৰ |
দাবীকৃত ধন নোপোৱাৰ বাবে ভুল চিকিৎসা প্ৰদানত নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ |
বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা |
আৰক্ষীয়ে সোধ পোছৰ বাবে আটক কৰে চিকিৎসক জাকিৰ হুছেইনক | Body:উল্লেখ্য যে শুক্ৰবাৰে বিয়লি চিকিৎসালয় খনত খানাবাৰী পনেনয় আনি গাঁৱৰ ছামিয়েল হকৰ গৰ্ভৱতী পত্নী নাৰ্জু বেগমক ভৰ্তি কৰোৱায় | মহিলা গৰাকীৰ সন্তান প্ৰসৱ কৰোৱাৰ নামত চিকিৎসালয় খনৰ চিকিৎসক জাকিৰ হুছেইনে সাত হাজাৰ টকা দাবী কৰে | কিন্তু দৰিদ্ৰ পৰিয়ালটিয়ে চিকিৎসকক দাবী কৰা ধন দিব নোৱাৰাত চিকিৎসাত গাফিলতি কৰাৰ অভিযোগ তুলিছে মহিলা গৰাকীৰ পৰিয়ালে | ফলত আজি নিশা মহিলা গৰাকীয়ে এটা সন্তান প্ৰসৱ কৰে | কিন্তু প্ৰায় দেৰ ঘন্টা সময় পিছত চিকিৎসক জাকিৰ হুছেইন উপস্থিত হৈ ভুল চিকিৎসা প্ৰদান কৰাত নৱজাতক টি মৃত্যু মুখত পৰে বুলি অভিযোগ উঠিছে | এই ঘটনাত স্থানীয় ৰাইজে জাঙুৰ উঠে আৰু পৰিস্থিতি উত্তাল কৰি তোলে | পিছত ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভুঞা সহ আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু চিকিৎসক জাকিৰ হুছেইনক সোধ পোছৰ বাবে আটক কৰে | ইতিমধ্যে ঘটনা সন্দৰ্ভত মহিলা গৰাকীৰ স্বামী ছামিয়েল হকে আটানী আৰক্ষী চকীত চিকিৎসক জাকিৰ হুছেইন নাৰ্চ আৰ ৰায় আৰু এম ৰায় বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে | সমগ্ৰ ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে |Conclusion:Byte 1পৰিয়াৰৰ লোক।
2. স্হানীয় ৰাইজ।

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
আছাম টকছ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.