ETV Bharat / jagte-raho

আৰক্ষী কনিষ্টবল হাবিবুৰ ৰহমান হত্যাৰ গোচৰৰ ৰায়দান - গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান

অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান । ডিমা হাচাও অসামৰিক ন্যায়িক দণ্ডাধীশৰ আদালতক শীঘ্ৰেই এই গোচৰ নিষ্পত্তি কৰিবলৈ নিৰ্দেশনা দিয়ে শীৰ্ষ আদালতে ৷

আৰক্ষী কনিষ্টবল হাবিবুৰ ৰহমান হত্যাৰ গোচৰৰ ৰায়দান

author img

By

Published : Dec 21, 2020, 5:00 PM IST

ডিমা হাছাও, 21 ডিচেম্বৰ : অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাৰ গোচৰত বিশেষ নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ ন্য়ায়ালয়ে ৰায়দান কৰি অহা ছমাহৰ ভিতৰত এই হত্যাৰ গোচৰ নিষ্পত্তি কৰাৰ নিৰ্দেশ দিয়ে ডিমা হাছাও জিলাৰ চিজেএম আদালতক ।

উল্লেখযোগ্য 2008 চনত ডিমা হাছাও জিলাৰ দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত আৰদা গাঁৱত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ভদ্ৰমণি লাংথাচাৰ দেহৰক্ষী অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানক তেতিয়াৰ দুধর্ষ উগ্ৰপন্থী সংগঠন ডিএইচডি (জে)-ৰ উপ-সেনাধ্যক্ষ তথা বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লোচাই গুলীয়াই হত্যা কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছিল দিয়ুংমুখ আৰক্ষী থানাত ।

ইতিমধ্যে এই হত্যাৰ গোচৰত দেৱলাল গাৰ্লোচাক অভিযুক্ত কৰি ডিমা হাছাও আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰিছিল হাফলং চিজেএম আদালতত । কিন্তু দেৱলাল গাৰ্লোচাই এই গোচৰৰ স্থগিতাদেশ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল । সোমবাৰে এই গোচৰৰ ৰায়দান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি ৰুমী কুমাৰী ফুকনে । বিচাৰপতি ৰুমী কুমাৰী ফুকনে অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাৰ গোচৰ নম্বৰ Crl/Pet.1181/2018 সন্দৰ্ভত ৰায়দান কৰি আৰক্ষীয়ে দাখিল কৰা অভিযোগনামা অনুসৰি অহা 6 মাহৰ ভিতৰত এই গোচৰৰ নিষ্পত্তি কৰিবলৈ ডিমা হাছাও জিলাৰ চিজেএম আদালতক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : শিশু ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ বিশ্বনাথ জিলা আদালতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.