ETV Bharat / jagte-raho

মুছলপুৰত দুটা ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত সংঘাত - মুছলপুৰত নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰ্যালয় লণ্ড-ভণ্ড

মুছলপুৰত দুটা ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘাত ৷ ইতিমধ্যে নিৰ্দলীয় প্ৰাৰ্থীৰ কেইবাজনো সমৰ্থক আহত হয় ৷

Election_office_attacked_in Baksha District
মুছলপুৰত নিৰ্দলীয় প্ৰাৰ্থীৰ কাৰ্যালয় লণ্ড-ভণ্ড
author img

By

Published : Nov 14, 2020, 5:28 PM IST

বৰমা, ১৪ নবেম্বৰঃ বিটিচিত নিৰ্বাচনৰ দিন ঘোষণা নহ'লেও ক্ৰমাত উত্তপ্ত হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ ৷ ইতিমধ্যে সকলো ৰাজনৈতিক নেতাই আক্ৰমন- প্ৰতি আক্ৰমনেৰে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ৷

ইফালে, শুকুৰবাৰে নিশা সংঘটিত হয় এটা নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ ঘটনা ৷ বাক্সাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিত দুটা ৰাজনৈতিক দলৰ মাজত হোৱা সংঘৰ্ষত কেইবাগৰাকীও সমৰ্থক আহত হয় ৷ নিশা সংঘটিত হোৱা এই ভয়ংকৰ ঘটনাই এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে দিহিৰা সমষ্টিৰ ৰাইজৰ মাজত ৷

সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্মই অভিযোগ কৰা মতে, যোৱা নিশা মুছলপুৰৰ সমীপৱৰ্তী বাথৌপুৰীত থকা কাৰ্যালয়ত ইউপিপিএল দলৰ একাংশ কৰ্মীয়ে আক্ৰমন কৰে ৷ আক্ৰমনত নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ কেইবাগৰাকীও সমৰ্থক আহত হোৱাৰ লগতে চকী-মেজ ভঙাৰ উপৰিও দলীয় পতাকা জ্বলাই দিয়ে ৷

আনহাতে, এই সমস্ত ঘটনাক অস্বীকাৰ কৰিছে সমষ্টিটোৰ ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী জগদ্বীশ ৰামছিয়াৰীয়ে ৷ ইউপিপিএল দলৰ সমৰ্থক কেইজনে বৰবৰীৰ পৰা আহি থাকোতে নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্মৰ সমৰ্থকে নিশা আগভেটি ধৰি মাৰপিট কৰে বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক-আঘাতপ্ৰাপ্ত বনৰীয়া হাতীক চিকিৎসা প্ৰদানত ব্যৰ্থ বন বিভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.