ধেমাজি, 30 ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে অসাধু ব্যৱসায়ীৰ দ্বাৰা অবৈধ সুৰাৰ বেহাখন ৷ ইয়াৰ মাজতে বুধবাৰে ধেমাজি জিলা আবকাৰী বিভাগ আৰু আৰক্ষীৰ এটা যৌথ দলে এক গোপন তথ্যৰ ভিত্তিত বগীবিল দলঙৰ নিৰীক্ষণ চকীত বাহনসহ আঠ কাটুন বিয়েৰ বটল আৰু দুই কাটুন IMFLজব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, এই অবৈধ সুৰাভৰ্তি বাহনখন ডিব্ৰুগড়লৈ নি থকাৰ অৱস্থাতে জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷
আনহাতে, একে দিনাই আৰক্ষী আৰু অবিকাৰী বিভাগে আন এক অভিযান চলাই চিলাপথাৰৰ নতুন মিছিং গাওঁ,মাজগাওঁ সমবায়,গাই নদীত অবৈধ সুৰা ব্যবসায়ৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰু ৭১০ লিটাৰ সুৰা প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰে । ইতিমধ্যে দুজন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।