ETV Bharat / jagte-raho

আন্তঃৰাষ্ট্ৰীয় কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ খানক গ্ৰেপ্তাৰ - গোলাঘাট নগৰৰ চাণ্ডমাৰীৰ বাসিন্দা আমজাদ খান

কুখ্যাত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়া আমজাদ খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী ৷

আন্তঃৰাষ্ট্ৰীয় কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ খানক গ্ৰেপ্তাৰ

author img

By

Published : Sep 28, 2020, 6:00 PM IST

গোলাঘাট, 28 ছেপ্টেম্বৰ : আন্তঃৰাষ্ট্ৰীয় কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ খান গ্ৰেপ্তাৰ ৷ 2019 চনৰ 15 অক্টোবৰত পশ্চিমবংগৰ জলপাইগুৰিৰ কটোৱালি আৰক্ষীয়ে এখন ইন'ভা গাড়ীৰ পৰা জব্দ কৰিছিল প্ৰায় দুই কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ । ড্ৰাগছসহ AS 05 AH 0947 নম্বৰৰ ইন'ভা গাড়ীখন জব্দ কৰাৰ লগতে সেই মূহুৰ্তত গাড়ীখনত থকা ড্ৰাগছ ব্যৱসায়ী দেৰগাঁওৰ ৰুকুমুদ্দিন আহমেদ, মেৰাপানীৰ ৰচিদ আলি আৰু ডিমাপুৰৰ ম: চামিমক পশ্চিমবংগৰ কটোৱালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । এইটো গোটৰে অংশ আছিল আমজাদ খান আৰু তেওঁৰ নেতৃত্বতে এইদৰে চলি আহিছিল নিষিদ্ধ ড্ৰাগছৰ চোৰাং বেহা ৷

কিন্তু আন্তঃৰাষ্ট্ৰীয় কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ খানে তেতিয়াই আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰিবলৈ সক্ষম হৈছিল । পশ্চিমবংগৰ আৰক্ষীয়ে বহুবাৰ গোলাঘাট নগৰৰ চাণ্ডমাৰীৰ বাসিন্দা আমজাদ খানক বিচাৰি আহিছিল যদিও সন্ধান পোৱা নাছিল আমজাদৰ ।

আন্তঃৰাষ্ট্ৰীয় কুখ্যাত ড্ৰাগছ মাফিয়া আমজাদ খানক গ্ৰেপ্তাৰ

প্ৰায় এবছৰ আৰক্ষীৰ চকুত ধুলি দি পলাই ফুৰা ড্ৰাগছ মাফিয়া আমজাদ খানক যোৱা নিশা গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপক বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ কালি সন্ধিয়া ঘৰত গোপনে উপস্থিত হৈছিল আমজাদ । অকল ড্ৰাগছেই নহয়, গাড়ী চুৰি, অৰুণাচলী সুৰাৰ ট্ৰাক হাইজেককে ধৰি বহু অপৰাধৰ লগত জড়িত আছিল আমজাদ খান । আনকি গোলাঘাট সদৰ আৰক্ষী থানাৰ এগৰাকী প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়াকো প্ৰহাৰ কৰিছিল আমজাদ খানে । গোলাঘাট আৰক্ষীৰ হাতত ধৰা পৰা আমজাদে নাম লৈছে গোলাঘাট জিলা অগপৰ এজন শীৰ্ষ নেতাৰ । বিপদৰ সময়ত এইগৰাকী অগপ নেতাই আমজাদক সহায় কৰে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰে ।

লগতে পঢ়ক : স্বগৃহ পালেহি সেনা বিষয়া লেফ. কৰ্ণেল মায়ংক বৰাৰ নশ্বৰদেহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.