গুৱাহাটী, 16 ছেপ্তেম্বৰ : মহানগৰীত পুনৰ যৌতুকৰ বাবে স্বামী পৰিয়ালৰ নিৰ্যাতনৰ বলি মহিলা । যোৱা দুবছৰ পূৰ্বে মহানগৰীৰ নুনমাটিৰ আৰাজুদ্দিন দেৱান নামৰ এগৰাকী লোকৰ লগত বিবাহপাশত আবদ্ধ হৈছিল মাছখোৱাৰ এগৰাকী যুৱতী ।
বিবাহৰ এসপ্তাহৰ পিছৰে পৰা মহিলাগৰাকীক যৌতুকৰ বাবে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামী পৰিয়ালৰ বিৰুদ্ধে । কেৱল ইমানেই নহয় মহিলাগৰাকীক প্ৰহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । তাৰোপৰি অন্তঃসত্বা হৈ থকাৰ সময়টো স্বামী আৰাজুদ্দিনে পেটত প্ৰহাৰ কৰিছিল বুলি কয় ভুক্তভোগী মহিলাগৰাকীয়ে । স্বামী পৰিয়ালৰ নিৰ্যাতন সহিব নোৱাৰি পিতৃগৃহলৈ গুচি আহিছে মহিলাগৰাকী ।

ইফালে ঘটনা সন্দৰ্ভত পানবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে । আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে । এতিয়া ন্যায় বিচাৰি প্ৰাপ্তিৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষী তথা প্ৰশাসনলৈ কাতৰ অনুৰোধ জনাইছে মহিলাগৰাকীয়ে ।
লগতে পঢ়ক : ভাৰতীয় সেনাই ফাদিল কৰিলে পিএলএৰ শক্তিৰ অৱধাৰণা