ধুবুৰীত চৰকাৰী বিষয়ৰ ঘৰত উদ্ধাৰ শিশু শ্ৰমিক - ধুবুৰী
ধুবুৰীত চৰকাৰী বিষয়াৰ ঘৰত শিশু শ্ৰমিক বিৰোধী অভিযান। চৰকাৰী উচ্চ পদস্থ বিষয়াৰ ঘৰত শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ যৌথ অভিযানত উদ্ধাৰ পোন্ধৰ বছৰীয়া কিশোৰ
ধুবুৰী, 9 মে': ধুবুৰীৰ চৰকাৰী উচ্চ পদস্থ বিষয়াৰ আৱাসত ধুবুৰী জিলা শ্ৰম বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ অভিযান ৷ জিলা সমাজ কল্যাণ বিষয়া কিশোৰী বৰুৱাৰ নেতৃত্বত শ্ৰম বিভাগ আৰু শিশু সুৰক্ষা সমিতিৰ বিষয়ববীয়াই জিলা গড়কাপ্তানি (গৃহ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিলীপ শৰ্মাৰ চৰকাৰী আৱাসত অভিযান চলায়। বিষয়াগৰাকীয়ে সহযোগ কৰাৰ বিপৰীতে বাধা প্ৰদান কৰাৰ ফলত দুয়োপক্ষৰ মাজত সৃষ্টি হয় বিতৰ্কৰ।
উল্লেখযোগ্য যে, বুধবাৰে দলটোৱে অভিযান চলাইছিল যদিও বিষয়াগৰাকী ঘৰত নথকাৰ ফলত কিশোৰ গৰাকীক উদ্ধাৰ কৰি দিলীপ শৰ্মাক সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত শুনানীত অংশ গ্ৰহণৰ বাবে এক জাননী দিয়ে। কিন্তু অভিযানকাৰী দলটোৰ নিৰ্দেশ অৱমাননা কৰে বিষয়া গৰাকীয়ে ৷ অৱশেষত বিষয়া গৰাকীৰ বাধা নেওচি বৃহস্পতিবাৰে কিশোৰ গৰাকীক উদ্ধাৰ কৰি আনে অভিযানকাৰী দলটোৱে ৷ কিন্তু এই অভিযোগ মানি লোৱাৰ বিপৰীতে কিশোৰ গৰাকীক নিজৰ সম্পৰ্কীয় ল'ৰা বুলিহে দাবী কৰে বিষয়াগৰাকীয়ে ৷
Body: আজি পুনৰ ধুবুৰীৰ চৰকাৰী উচ্চ পদস্ত বিষয়াৰ আৱাসত অভিযান ধুবুৰী জিলা শ্ৰম বিভাগ আৰু সমাজ কল্যান বিভাগৰ। জিলা সমাজ কল্যান বিষয়া কিশোৰী বৰুৱাৰ নেতৃত্বত শ্ৰম বিভাগ আৰু শিশু সুৰক্ষা সমিতিৰ বিষয় ববীয়াই জিলা গড়কপ্তানী (গৃহ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিলীপ শৰ্মাৰ এইখন চৰকাৰী আৱাসত অভিযান চলায়। উল্লেখযোগ্য যে, যোৱা বুধবাৰে প্ৰথমতে অভিযান চলাই যদিওঁ বিতৰ্কিত বিষয়া গৰাকী ঘৰত নথকাৰ ফলত কিশোৰ গৰাকীক উদ্ধাৰ কৰি আজি দিনৰ বাৰ বজাত গড়কপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা দিলীপ শৰ্মাক সমাজ কল্যান বিষয়াৰ কাৰ্য্যালয়ত শুনানিত অংশ গ্ৰহণৰ বাবে এক জাননী দিয়া হৈছিল। যদিওঁ অভিযানকাৰী দলটোৰ নিৰ্দেশনাক চৰম অৱমাননা কৰে বিষয়া গৰাকী। পাছত উপায়ন্তৰ হৈ অভিযানকাৰী দলটো আজি পুনৰ আৰক্ষীক লগত লৈ কিশোৰ গৰাকীক উদ্ধাৰৰ বাবে বিষয়া গৰাকীৰ চৰকাৰী আৱাসত উপস্থিত হয় যদিওঁ বিষয়া গৰাকীয়ে সহযোগ নকৰাকৈ ওলোটাই বাধা প্ৰদান কৰে। ফলত তৰ্ক বিতৰ্কৰ সৃষ্টি হয়। যদিওঁ বিতৰ্কিত বিষয়া গৰাকীৰ বাধাক নেওচি কিশোৰ গৰাকীক উদ্ধাৰ কৰি আনে অভিযানকাৰী দলটোৱে।
Byte:- সমাজ কল্যান বিষয়া
সহকাৰী অভিযন্তা গৰাকীৰ চৰকাৰী আৱাসত বিগত পাঁচ ছয় মাহ মান পূৰ্বে এই গৰাকী কিশোৰক অনা হৈছে কাম কৰিবলৈ। ৰন্ধাবৰা কাম কৰাৰ বাবে এই গৰাকী কিশোৰক গুৱাহাটীৰ পৰা অনা হৈছে। শিশু শ্ৰমিক এক ভয়ংকৰ অপৰাধ যদিও সহকাৰী কাৰ্যবাহী অভিযন্তা গৰাকীয়ে শিশু শ্ৰম আইনক ভৰিৰে মোহাৰি এই গৰাকী কিশোৰৰ জৰিয়তে বিগত পাঁচ ছয় মাহৰ পৰা ভাত ৰন্ধা কাম কৰাই আহিছে। এনে এক তথ্য শ্ৰম বিভাগ আৰু সমাজ কল্যান বিভাগৰ শিশু সুৰক্ষা সমিতিয়ে লাভ কৰাৰ পিছতেই এই অভিযান চলাই উদ্ধাৰ কৰে কিশোৰ গৰাকীক।
ইপিনে গড়কপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিলীপ শৰ্মাই কিশোৰ গৰাকীক আত্মীয় তথা ভতিজা বুলি দাবী কৰাৰ বিপৰীতে কিশোৰ গৰাকীৰ সম্পূৰ্ণ ওলোটা ভাষ্য শুনক।
Byte:- বিষয়া/বনকৰা কিশোৰ
হয়, কিশোৰ গৰাকী ভাত ৰন্ধা বৰাৰ কাম কৰে আৰু তাৰ বিনিময়ত মাহেকত দুই হাজাৰ টকাকৈ আদায় দিয়ে বিষয়া দিলীপ শৰ্মাই।
প্ৰকৃততে কিশোৰ জনৰ পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে দুটা পুত্ৰ সন্তানক লৈ সংসাৰ চলাব নোৱাৰি বেলেগৰ ঘৰত কাম কৰি নিজৰ সন্তানক ভৰণ পোষণ দিয়ে। ইপিনে জানিব পৰা মতে কিশোৰ জনৰ মাতৃয়ে দিলীপ শৰ্মাৰ শহুৰেকৰ ঘৰত কাম কৰে। সেই সূত্ৰে মাহেকীয়া হিচাপে আলোচনা কৰি কিশোৰ জনক কাম কৰিবলৈ ধুবুৰীৰ চৰকাৰী আৱাস গৃহলৈ আনে সহকাৰী কাৰ্যবাহী অভিযন্তা দিলীপ শৰ্মাই। যদিওঁ এতিয়া বিপদত পৰি কিশোৰ গৰাকীক পঢ়ুৱাবলৈ অনা হৈছে বুলি অদ্ভুত যুক্তি দিয়ে বিষয়া গৰাকীয়ে।
Conclusion: উল্লেখযোগ্য যে, সমাজ কল্যান বিভাগ আৰু সমাজ কল্যান বিভাগৰ শিশু সুৰক্ষা সমিতি আৰু শ্ৰম বিভাগৰ অভিযানকাৰী দলটোক সহযোগ নকৰাৰ বিপৰীতে ওলোটাই বাধা প্ৰদান কৰা আৰু শিশু শ্ৰমিক আইনক বুঢ়া আঙুলি দেখুৱা বিষয়া গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া সময়তহে দেখা পোৱা যাব।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।