ETV Bharat / jagte-raho

ধুবুৰীৰ ভূমিকেন্দিক হত্যাকাণ্ডৰ 14 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ

author img

By

Published : Dec 29, 2020, 6:08 PM IST

ধুবুৰী আৰক্ষীৰ সফলতা ৷ 24 ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিলে ভূমিকেন্দিক হত্যাকাণ্ডৰ 14 গৰাকী অভিযুক্তক ৷

dhubri-police-arrested-14-accused-those-are-releated-to-land-Dispute
ধুবুৰীৰ ভূমিকেন্দিক হত্যাকাণ্ডৰ 14 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ

ধুবুৰী, 29 ডিচেম্বৰ : ধুবুৰীৰ গৌৰীপুৰৰ ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হোৱা হত্যাকাণ্ডৰ সৈতে জড়িত 14 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীৰ ৷ গ্ৰেপ্তাৰ কৰা আটাই কেইগৰাকী অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰামাৰীত 27 ডিচেম্বৰত সংঘটিত হৈছিল এক ভূমিকেন্দ্ৰিক হত্যাকাণ্ড ৷ গেৰামাৰী প্ৰথম খণ্ড গাঁৱৰ মণ্টু আলী আৰু আদম আলীৰ মাজত এডোখৰ ভূমিৰ সীমাক লৈ সৃষ্টি হৈছিল সংঘাত ৷

আৰক্ষী অধীক্ষকৰ মন্তব্য

অভিযোগ অনুসৰি, 27 ডিচেম্বৰৰ পুৱাৰ ভাগত হঠাৎ মণ্টু আলীৰ পক্ষৰ বৃহৎ দল এটাই আদম আলীৰ ঘৰৰ চোতালত গৈ চোকা অস্ত্ৰ, দা, লাঠী আদিৰে আক্ৰমণ চলায় । আক্ৰমণত নিহত হয় আদম আলীৰ পুত্ৰ মন্তাজ আলী (38) আৰু পুত্ৰ বোৱাৰী জেচমিনা খাতুন (21) । আনহাতে, আক্ৰমণত আহত হয় আদম আলী, মোহৰ ভান বিবি, নিয়াছা শ্বেখ আৰু ছানোৱাৰ আলীকে ধৰি পাঁচজনকৈ লোক ।

ঘটনাৰ পৰৱৰ্তী সময়ত গৌৰীপুৰ আৰক্ষী থানাত 1587/20 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 147/184/149/447/307/325/326/119/302 ধাৰাত গোচৰ পঞ্জীয়ন কৰি হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত মহিলা সহ মুঠ 14 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : ৰাজনৈতিক দল গঠন নকৰে অভিনেতা ৰজনীকান্তে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.