ETV Bharat / jagte-raho

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা দিল্লী; বিশেষ শাখাৰ অভিযানত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী - পাকিস্তানত প্ৰশিক্ষণপ্ৰাপ্ত লতিফ

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত গ্ৰেপ্তাৰ দুগৰাকীকৈ জইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী ৷ জম্মু-কাশ্মীৰৰ বাসিন্দা দুয়োগৰাকীয়ে ভয়ংকৰ কূটাঘাতৰ লক্ষ্যৰে দিল্লীত বাহৰ পাতি আছিল ৷

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা দিল্লী, বিশেষ শাখাৰ অভিযানত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

author img

By

Published : Nov 17, 2020, 12:59 PM IST

নিউজ ডেস্ক, 17 নবেম্বৰ : এক নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰিল দিল্লীবাসী ৷ দিল্লী আৰক্ষীৰ অভিযানত ধৰা পৰে দুগৰাকীকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ অভিযানত ধৰা পৰা দুয়োগৰাকী সন্ত্ৰাসবাদী পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ সদস্য বুলি জানিব পৰা গৈছে ৷ ধৃত দুই সন্ত্ৰাসবাদীৰ ঘৰ জম্মু-কাশ্মীৰৰ বাৰামুলা আৰু খ্যাডাৰ বুলি জনাইছে দিল্লী আৰক্ষীৰ শীৰ্ষ সূত্ৰই ৷

ধৃত সন্ত্ৰাসবাদী দুগৰাকী আব্দুল লতিফ আৰু মহম্মদ আশ্ৰফ খটানা বুলি জনাইছে দিল্লী আৰক্ষীয়ে ৷ দিল্লী আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিতে দুয়োগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ দিল্লীৰ চাৰাই কালাৰ মিলেনিয়াম পাৰ্কৰ পৰা দুয়োটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে বিশেষ শাখাই ৷ ধৃত দুয়োগৰাকী সন্ত্ৰাসবাদীৰ পৰা বৃহৎ পৰিমানে বিস্ফোৰক সামগ্ৰী আৰু দিল্লীৰ নক্সাকে ধৰি অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, শীতৰ সময়ত দিল্লীৰ বহুকেইটা স্থানত বিস্ফোৰণৰ পৰিকল্পনাৰে দিল্লীত বাহৰ পাতি আছিল দুয়োটা সন্ত্ৰাসবাদীয়ে ৷ পাকিস্তানত প্ৰশিক্ষণপ্ৰাপ্ত লতিফ আৰু আশ্ৰফে দিল্লী আৰক্ষীৰ চকুত ধুলি মাৰি পলাই আছিল যদিও মঙলবাৰে আৰক্ষীয়ে পেলোৱা জালত ভৰি দি গ্ৰেপ্তাৰ হয় দুয়ো ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পুলৱামাত সংঘটিত আত্মঘাতী আক্ৰমণৰ সৈতে জড়িত হৈ আছিল জইচ-ই-মহম্মদ ৷ শেহতীয়াকৈ পাকিস্তানৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে এই আক্ৰমণত পাকিস্তানৰ হাত থকা বুলি স্বীকাৰ কৰিছিল ৷

লগতে পঢ়ক : আজিৰে পৰা মালাবাৰ যুদ্ধাভ্যাসৰ দ্বিতীয় পৰ্যায় আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.