ETV Bharat / jagte-raho

ধেমাজি চিচিবৰগাঁৱত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - deadbody recovered in dhemaji news

গাইনদীৰ দলঙৰ তলত উদ্ধাৰ মৃতদেহটো ৷ হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

deadbody recovered in chichibargaon dhemaji
author img

By

Published : Oct 22, 2019, 9:20 PM IST

ধেমাজি,২২ অক্টোবৰঃ ধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ভেবেলিত ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল জগজীৱন চুতীয়া নামৰ নিৰুদ্দিষ্ট লোক এজনৰ মৃতদেহ ৷ নিৰুদ্দেশ হোৱাৰ তৃতীয়টো দিনত ধেমাজি গাইনদীৰ পানীত উদ্ধাৰ হয় ব্যক্তিগৰাকীৰ মৃতদেহ। ইয়াক লৈ এতিয়াও চাঞ্চল্য অব্যাহত অঞ্চলটোত ।

মৃত চুতীয়া সন্ধানহীন অৱস্থাত ভাতৃ ৰাজেশ চুতীয়াই আৰক্ষী থানাত দাখিল কৰা এজাহাৰ মতে,যোৱা দেওবাৰে পুৱা প্ৰায় ১০ বজাত জগজীৱন চুতীয়াই কোনো কামত গাঁৱৰে জয়ন্ত হাজৰিকাৰ ঘৰলৈ যায়। উক্ত সময়ৰ পৰাই ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছিল লোকজন। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও কোনো শুংসুত্ৰ লাভ কৰা নাছিল। কিন্তু নাটকীয়ভাৱে গাঁৱৰে ৰাজেশ চুতীয়া নামৰ লোকজনৰ আগত পূৰ্ণকান্ত চুতীয়া নামৰ লোকজনে জগজীৱনক মাৰি মূৰ ফালি দিয়া বুলি জনোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইয়াৰ ভিত্তিতে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু ৰাইজে পূৰ্ণকান্তৰ ঘৰত তালাচী চলোৱাত জগজীৱনে পিন্ধি যোৱা কিছু কাপোৰ-কানি উদ্ধাৰ হয়। পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে ঘটনাৰ সংক্ৰান্তত পূৰ্ণকান্ত চুতীয়াৰ (৪৭),পাৰুল চুতীয়া(৪০),গিৰিন চুতীয়া(২৪),ৰক্তিম চুতীয়া আৰু বাঁহপাতি চুতীয়াৰ বিৰুদ্ধে চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইতিমধ্যে বাকী অভিযুক্তসকলক আৰক্ষীয়ে আটক কৰি সোধা পোছা চলাই আছে যদিও ৰক্তিম চুতীয়া এতিয়াও পলাতক । স্থানীয় ৰাইজৰ মতে,ৰক্তিম চুতীয়াই জগজীৱন চুতীয়াক হত্যা কৰি তেওঁৰ অটোৰে নি গাইনদীত পেলাই দিছিল । ইপিনে আৰক্ষীৰ তদন্ত চলি থকা অৱস্থাতে গাইনদীৰ পানীত উদ্ধাৰ হয় জগজীৱন চুতীয়াৰ মৃতদেহ । NDRFৰ দলে মৃতদেহটো উদ্ধাৰ কৰে মঙলবাৰে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ধেমাজি চিচিবৰগাঁৱত মৃতদেহ উদ্ধাৰ

Intro:ধেমাজি চিচিবৰগাৱঁত গাই দলঙৰ তলত
মৃতদেহ উদ্ধাৰ ৷ চাঞ্চল্যBody: ৷

, ধেমাজি
২২ অক্টোবৰঃ

ধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী চকীৰ অন্ত ৰ্গত ভেবেলিত ৰহস্যজনক ভাৱে জগজীৱন চুতীয়া নামৰ এজন লোক নিখোজ হোৱাৰ তৃতীয়টো দিনত ধেমাজি গাইনদীৰ পানীত উদ্ধাৰ হয় ব্যক্তিগৰাকীৰ মৃতদেহ। ইয়াক লৈ এতিয়াও ব্যাপক চাঞ্চল্য অব্যাহত অঞ্চলটোত। মৃত চুতীয়া সন্ধানহীন অৱস্থাত ভাতৃ ৰাজেশ চুতীয়াই আৰক্ষী থানাত দাখিল কৰা এজাহাৰ মতে, দেওবাৰে পুৱা প্ৰায় ১০ বজাত জগজীৱন চুতীয়াই কোনো কামত গাঁৱৰে জয়ন্ত হাজৰিকাৰ ঘৰলৈ যায়। উক্ত সময়ৰ পৰাই ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈ আছে লোকজন। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও কোনো শুংসুত্ৰ সূত্ৰ লাভ নকৰিলে।কিন্তু নাটকীয় ভাৱে গাঁৱৰে ৰাজেশ চুতীয়া নামৰ লোকজনৰ আগত পূৰ্ণকান্ত চুতীয়া নামৰ লোকজনে জগজীৱনক মাৰি মূৰ ফালি দিয়া বুলি জনোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইয়াৰ ভিত্তিতে স্থানীয় গাঁওৰক্ষী বাহিনী আৰু ৰাইজে পূৰ্ণকান্তৰ ঘৰত তালাচী চলোৱাত জগজীৱনে পিন্ধি যোৱা কাপোৰ কানি কিছু উদ্ধাৰ হয়। পৰিয়ালৰ লোকে তাত্ক্ষনিকভাৱে ঘটনাৰ সংক্ৰান্তত পূৰ্ণকান্ত চুতীয়াৰ (৪৭), পাৰুল চুতীয়া(৪০), গিৰিন চুতীয়া(২৪), ৰক্তিম চুতীয়া আৰু বাঁহপাতি চুতীয়াৰ বিৰুদ্ধে চিচিবৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে বাকী অভিযুক্তসকলক আৰক্ষীয়ে আটক কৰি সোধা পোছা চলাই আছে যদিও ৰক্তিম চুতীয়া এতিয়াও পলাতক। স্থানীয় ৰাইজৰ মতে, ৰক্তিম চুতীয়াই জগজীৱন চুতীয়াক হত্যা কৰি তেওঁৰ অটোৰে আনি গাইনদীত পেলাই দিছিল। ইপিনে আৰক্ষীৰ তদন্ত চলি থকা অৱস্থাতে গাইনদীৰ পানীত উদ্ধাৰ হয় জগজীৱন চুতীয়াৰ মৃতদেহ। পিছত NDRF ৰ দলে মৃতদেহ উঠাই আনে ৷এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷
Bytes….Public

Pradunya Bharali , Dhemaji , Assam .22/10/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.