ETV Bharat / jagte-raho

চিৰাঙৰ গৌজৌনপুৰিত মৃতদেহ উদ্ধাৰ - deadbody recover at dhaligaon chirang

চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ২নং গৌজৌনপুৰিত মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো বঙাইগাঁও সদৰ মায়াপুৰীৰ সমীপৰ বাসিন্দা সঞ্জীৱ ঘোষ (২৮) বুলি চিনাক্ত ৷

deadbody recover at dhaligaon chirang
author img

By

Published : Sep 7, 2019, 11:55 PM IST

চিৰাং, 7 চেপ্তেম্বৰ: চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ২নং গৌজৌনপুৰিত মৃতদেহ উদ্ধাৰ ৷ নিশা প্ৰায় 9 বাজি 30 মিনিটত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে স্থানীয় ৰাইজে৷ মৃতদেহটো বঙাইগাঁও সদৰ মায়াপুৰীৰ সমীপৰ বাসিন্দা সঞ্জীৱ ঘোষ (২৮) বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি জিলা সদৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসকে মৃত ঘোষণা কৰে ৷

চিৰাঙৰ গৌজৌনপুৰিত মৃতদেহ উদ্ধাৰ

আৰক্ষীৰ সন্দেহ অত্যাধিক নিচাসক্ত দ্ৰব্য সেৱনৰ ফলত মৃত্যু হৈছে সঞ্জীৱ ঘোষৰ ৷ আনহাতে ৰাইজৰ সন্দেহ এইয়া এক পৰিকল্পিত হত্যাকাণ্ড৷ কিয়নো, মৃতদেহ উদ্ধাৰ হোৱাৰ কিছুসময়ৰ পূৰ্বে সেই একে স্থানতে ৰাইজে প্ৰত্যক্ষ কৰিছিল এখন বিলাসী গাড়ী ৷ এইসন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ ৷

Intro:চিৰাঙত নিশা মৃতদেহ উদ্ধাৰ ।

Body:চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ২নং গৌজৌনপুৰিত সন্ধীয়া ৯.৩০ বজাত  মৃতদেহ উদ্ধাৰ । মৃতদেহটো বঙাইগাঁও সদৰ মায়াপুৰীৰ ওচৰৰ বাসিন্দা সঞ্জিৱ ঘোষ (২৮) বুলি চিনাক্ত । প্ৰথম অৱস্থাত মৃতদেহ উদ্ধাৰৰ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি জিলা সদৰ কাজলগাঁওৰ জে এচ বি অসামৰিক চিকিৎসালয়ত লয় যদিও চিকিৎসকে মৃত বুলি জনায় । কি কাৰনত মৃত্য হৈছে যুৱক জনৰ সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও হাতত থকা চিহ্নৰ বাবে অত্যাধিক ড্ৰাগছ লোৱাৰ বাবেই মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । ইপিনে স্থানীয় লোকে সন্দেহ কৰিছে যে মৃতদেহটো উদ্ধাৰ হোৱাৰ কিছু সময়ৰ পুৰ্ব্বে উক্ত ঠাইত বিলাসি গাড়ী এখন ৰখাইছিল । তাৰ কিছু সময়ৰ পিচতে মৃতদেহ উদ্ধাৰ হয় বুলিও জানিব পৰা গৈছে । সেয়ে সন্দেহ কৰিছে যে বিলাসী গাড়ীখনৰ পৰাও নমাই থৈ যাব পাৰে । সৱিশেষ মৰনোত্তৰ পৰিক্ষাৰ পিচতহে নিশ্চিত হব পৰা যাব বুলি প্ৰকাশ । 

Conclusion:মৃতদেহ উদ্ধাৰৰ পিচতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টী হৈছে । যিহেতু বিটিচিত যিকোনো মুহুৰ্ততেই সুত্ৰপাত হয় গোষ্টী সংঘৰ্ষৰ । সেয়ে অঞ্চলটোত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.