ETV Bharat / jagte-raho

লখিমপুৰত 5 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি

author img

By

Published : Jan 8, 2021, 10:05 PM IST

লখিমপুৰত জলসম্পদ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ মথাউৰি নিৰ্মাণৰ বিসংগতিৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ শীঘ্ৰে মথাউৰি নিৰ্মাণ কৰিবৰ বাবে আহ্বান জনাইছে অন্যথা প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৰাইজে ৷

dam-construction-in-lakhimpur-villagers-massive-protest
লখিমপুৰত 5 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি

নাওবৈচা, 8 জানুৱাৰী : নাওবৈচাবাসীৰ বাবে অভিশাপ স্বৰূপ হৈ পৰা শিঙৰা নদীৰ দীৰ্ঘদিনীয়া ভয়াবহ বান সমস্যাৰ লগত লৰা-ধেমালি খেলি অহা জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাই আৰু ঠিকাদাৰৰ সৈতে মিলি বিভাগত চলাই গৈছে অবাধ দুৰ্নীতি ৷ বিভাগটোৰ বিষয়া অভিযন্তা আৰু ঠিকাদাৰে গোপন মিতিৰালি কৰি মথাউৰি নিৰ্মাণৰ নামত আবন্টিত ব্যয়বহুল আঁচনিসমূহ খিৰতী গাইলৈ পৰিণত কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।

বিভাগটোৰ বিষয়া-অভিযন্তাৰ অদূৰদৰ্শিতা আৰু অপৰিকল্পিত বাবেই শিঙৰা নদীপৰীয়া প্ৰায় 10/12 খন গাঁৱৰ ৰাইজ ভয়াবহ বানৰ কৱলত পৰাৰ আশংকা ঘনীভূত হৈছে । প্ৰতিটো বৰ্ষতে নদীখনৰ মথাউৰি নিৰ্মাণ তথা সৱলীকৰণৰ নামত কোটি কোটি টকা আবন্টন হয় যদিও বিভাগটোৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰে আবন্টিত পুঁজি আত্মসাৎ কৰি অহাৰ ফলশ্ৰুতিত ৰাইজে ভয়াৱহ বানৰ কৱলত পৰি আহিছে ।

নদীৰ বালিৰে নিৰ্মাণ কৰিলে মথাউৰি

শেহতীয়াকৈ নদীখনৰ মথাউৰি নিৰ্মাণৰ বাবে 2019-20 বৰ্ষত এছ ডি আৰ এফ আঁচনিৰ অধীনত নদীখনৰ সোঁফালৰ মথাউৰিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 1 কিলোমিটাৰ অংশৰ বাবে 2 কোটি 80 লাখ আৰু নামনি অংশৰ বাবে এছ অ পি ডিৰ আঁচনিৰ নামত 2 কোটি 30 লাখ টকা আবন্টন দিছিল ।

2019-20 বৰ্ষত এছ ডি আৰ এফ আঁচনিৰ অধীনৰ নিৰ্মাণ কৰা প্ৰকল্পৰ ফলক

ইতিমধ্যে, কেইবাজনো ঠিকাদাৰে নিৰ্মাণ কৰি থকা মথাউৰিটোত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ ৰাজহুৱা অভিযোগ উঠিছে ৷ বিভাগটোৰ বিষয়া-অভিযন্তাই অদূৰদৰ্শিতাই মথাউৰিটো প্ৰথম অংশৰ 1 কিলোমিটাৰ কাম কৰি মাজৰ 2 কিলোমিটাৰ বাদ দি আকৌ শেষৰ 1 কিলোমিটাৰ কাম কৰাক লৈ জাঙুৰ খাই উঠিছে চমুৱাগাঁওবাসীয়ে ।

শুকুৰবাৰে জলসম্পদ বিভাগৰ এই কাণ্ডৰ বিৰুদ্ধে নদীপৰীয়া চমুৱাগাঁৱৰ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদী ৰাইজে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী ৰাইজৰ অভিযোগ অনুসৰি, একেটা মথাউৰিৰ প্ৰথম আৰু শেষৰ অংশত নিৰ্মাণ কৰি বাকী মাজৰ 2 কিলোমিটাৰ অংশ নিৰ্মাণ নকৰা ফলত নদীখনে সেই অংশৰে ছিঙি চমুৱা গাঁৱৰ লগতে 10/12 খন গাঁও নিঃশেষ কৰিব ৷

উল্লেখ্য যে, বিগত 2004 চনত শিঙৰা নদীয়ে নিৰ্মাণ নকৰা সেই অংশত চিঙি জল প্ৰলয়ৰ সূচনা কৰিছিল । সেইহে শংকিত ৰাইজে শুকুৰবাৰে মথাউৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিভাগটোক শীঘ্ৰে নিৰ্মাণ নকৰা মথাউৰি অংশ নিৰ্মাণ কৰিবলৈ দাবী জনায় । লগতে, ৰাইজে অভিযোগ কৰা মতে, ইতিমধ্যে নিৰ্মাণ কৰি থকা মথাউৰি অংশ দুটাত দুৰ্নীতি সংঘটিত হৈছে । ঠিকাদাৰে নদীৰ পৰাই বালি টেক্টৰে আনি মথাউৰি নিৰ্মাণ কৰাত এজাক বৰষুণ আহিলেই মথাউৰি খহি পৰিব বুলি মন্তব্য প্ৰদান কৰিছে ৰাইজে ৷ যদিহে শীঘ্ৰে মাজৰ 2 কিলোমিটাৰ অংশ পুনৰ নিৰ্মাণ নকৰে তেন্তে অনিদিষ্ট কাললৈ ইতিমধ্যে নিৰ্মাণ কৰি থকা মথাউৰিৰ কাম বন্ধ কৰিব আৰু ইয়াতকৈ অধিক ভয়ানক আন্দোলন গঢ়ি তুলিব বুলিও ভুক্তভোগী ৰাইজে হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক : মাঘ বিহুৰ উৰুকাত সীমিত বন্ধ পাব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.