ETV Bharat / jagte-raho

জামুগুৰিহাটত সন্দেহজনক লোকৰ আক্ৰমণত আহত আৰক্ষী - শোণিতপুৰ জিলা

সন্দেহজনক লোকৰ আক্ৰমণত চক্ৰবিষয়া,আৰক্ষী বিষয়াসহ কেইবা জনো যুৱক গুৰুতৰভাৱে আহত হয় ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী অধিক্ষকসহ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷

জামুগুৰিহাটত সন্দেহজনক লোকৰ আক্ৰমণত আহত আৰক্ষীৰ লগতে স্থানীয় লোক !
author img

By

Published : Jul 31, 2020, 5:27 AM IST

চতিয়া,31 জুলাইঃ ভূমি দখলক লৈ বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চকীঘাটত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পূৰ্বে দখল কৰা ভূমিত সন্দেহজনক একাংশ লোকে প্ৰশাসনক হাতে হাতে জাঠি জোং লৈ বাধা দিয়াৰ লগতে আৰক্ষী বিষয়া,প্ৰশাসনৰ লোক আৰু থলুৱা যুৱককো আক্ৰমণ কৰি আহত কৰে ৷

উল্লেখ্য যে,কিছুদিন পূৰ্বে জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ লালেটাপু,গটাইমাৰী,ভৰলীচাপৰি আদি চৰাঞ্চলৰ ভূমি সন্দেহজনক লোকৰপৰা বেদখলমুক্ত কৰাৰ পিছত বৃহস্পতিবাৰে সেই উচ্ছেদিত ভূমিত অঞ্চলটোৰ কেইবাটাও কৃষি গোট,আত্মসহায়ক গোটকে ধৰি দল সংগঠনক কৃষি কাৰ্য কৰিবলৈ চমজি দিবলৈ যোৱা প্ৰশাসনৰ লোকৰ ওপৰত জপিয়াই পৰে দুৰ্বৃত্তৰ এটা দল ৷ অৱশ্যে তেওঁলোকক বুজোৱাৰ চেষ্টা কৰে যদিও দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল কুমাৰ নাথে মুৰত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে,চক্ৰ বিষয়া আকাশদ্বীপ কাকতীসহ কেবাগৰাকীও যুৱকো গুৰুতৰভাৱে আহত হ’বলগীয়া হয় ৷ ইফালে সমগ্ৰ ঘটনাটি প্ৰচাৰ হোৱাৰ লগে লগে চকীঘাটত উপস্থিত হয় বিধায়ক পদ্ম হাজৰিকাৰ লগতে বহু যুৱক ৷ প্ৰশাসনৰ লোকসকলৰ লগতে থলুৱা যুৱকক আক্ৰমণ কৰাত উত্তেজিত যুৱকসকলে চৰকাৰী মাটিত বাসগৃহ বনাই বসবাস কৰা কেবাটাও বাসগৃহ জ্বলাই দিয়াৰ লগতে আচবাব,বাহন ভাঙিও চূৰ্ণবিচূৰ্ণ কৰে ৷

জামুগুৰিহাটত সন্দেহজনক লোকৰ আক্ৰমণত আহত আৰক্ষী

ইফালে ঘটনাস্থলীত শোণিতপুৰ জিলাৰ আৰক্ষী অধিক্ষক,অতিৰিক্ত আৰক্ষী অধিক্ষকসহ এটি দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আক্ৰমণৰ ঘটনাৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে,বেদখলমুক্ত ভূমিত কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজে ট্ৰেক্টৰ চলাই থলুৱা যুৱকক কৃষি কাৰ্য সম্পাদন কৰিবৰ বাবে মুকলি কৰি দিছিল ৷

লগতে পঢ়ক- বোৱাৰী হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত মুকালমুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.